মুখ্যপৃষ্ঠা »খবৰ »অসম »Teenage Pregnancy in Assam : ভয়ংকৰ! অসমত এবছৰত লাখতকৈ অধিক কিশোৰী মাতৃৰ তথ্য, প্ৰায়সংখ্যক জিলাতে এনে মাতৃৰ সংখ্যা সহস্ৰাধিক

Teenage Pregnancy in Assam : ভয়ংকৰ! অসমত এবছৰত লাখতকৈ অধিক কিশোৰী মাতৃৰ তথ্য, প্ৰায়সংখ্যক জিলাতে এনে মাতৃৰ সংখ্যা সহস্ৰাধিক

Child Health (RCH) portal Data : মুখ্যমন্ত্ৰীয়ে জিলা ভিত্তিক তালিকা দি বিচাৰিলে ৰাইজৰ সহযোগিতা

Child Health (RCH) portal Data : মুখ্যমন্ত্ৰীয়ে জিলা ভিত্তিক তালিকা দি বিচাৰিলে ৰাইজৰ সহযোগিতা

  • Share this:

যি সময়ত ৰাজ্যত বাল্য বিবাহৰ ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ ব্যাপক অভিযান চলিছে, সেই সময়তে পোহৰলৈ আহিছে কম বয়সতে মাতৃত্বৰ বোজা লোৱা মহিলাৰ এক ভয়ংকৰ পৰিসংখ্যা (Teenage Pregnancy in Assam) ৷ ২০২২ বৰ্ষটোত এইখন অসমত ১৯ বছৰতকৈ কম বয়সৰ ১,০৪,২৬৪গৰাকী গৰ্ভৱতী মহিলাৰ তথ্য RCH প'ৰ্টেলত উপলব্ধ হৈছে ৷


সোমবাৰে অপৈণত বয়সতে মাতৃত্বৰ বোজা লোৱা মহিলাৰ সংখ্যাৰ জিলাভিত্তিক তথ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই  সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰাৰ পিছতে বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ REPRODUCTIVE AND CHILD HEALTH (RCH) PORTALটোৰ তথ্য অনুসৰি, ২০২২ত বৰপেটা জিলাত ১১,৬৫৮গৰাকী ১৯ বছৰীয়া গৰ্ভৱতী মাতৃৰ নাম পঞ্জীয়ন হৈছে।


একেদৰে ধুবুৰী আৰু দক্ষিণ শালমৰাত ১৪,৪৩৮গৰাকী, গোৱালপাৰাত ৬,২৫০গৰাকী, বঙাইগাঁৱত ৩,২৯৩গৰাকী, কোকৰাঝাৰত ৩,৭৫৯গৰাকী, দৰঙত ৪,৫৮৪গৰাকী, মৰিগাঁৱত ৪,২৫৪গৰাকী, চিৰাঙত ১,৬৪৪গৰাকী, নগাঁও আৰু হোজাইত ১২,১৮৮গৰাকী, কামৰূপত ৪,৭৭৩গৰাকী, ধেমাজিত ১,৯৪৪গৰাকী, হাইলাকান্দিত ২,৮৪২গৰাকী, নলবাৰী জিলাত ১৬৯০গৰাকী, বাক্সাত ১৯৭২গৰাকী, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত ২৭৫০গৰাকী, শোণিতপুৰ আৰু বিশ্বনাথত ৩,৯০৯গৰাকী, লখিমপুৰত ২২৮৪গৰাকী, ওদালগুৰিত ১৫৪৩গৰাকী, কৰিমগঞ্জত ৩,৮৩৩গৰাকী, কাছাৰ ৪,০৪৯গৰাকী, গোলাঘাটত ১৮৬৪, ডিমা হাছাওত ৪৩১গৰাকী, যোৰহাট আৰু মাজুলীত ১৫৯৬, কামৰূপ মেট্ৰ'ত ১৯৪৩, শিৱসাগৰ আৰু চৰাইদেউত ১৩৬২, ডিব্ৰুগড়ত ১৬০০ আৰু তিনিচুকীয়াত ১৮১১গৰাকী টীনেজ প্ৰেগনেণ্ট ৱমেনৰ তথ্য ৷


এই তথ্যখিনি ৰাজহুৱা কৰি কম বয়সতে মাতৃত্বৰ বোজা ল'বলগীয়া মাতৃসকলৰ বিষয়টো যথেষ্ট উদ্বেগজনক বুলি কোৱাৰ লগতে চলি থকা বাল্যবিবাহ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷


সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে, "Our drive against child marriage is for public health & public welfare as teenage pregnancy ratio in Assam is quite alarming - 16.8%.We're resolved to continue this drive until we fulfil our objective. I urge the people to cooperate with us in controlling this harmful trend."


বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকায়ো ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আঙুৰলতা ডেকাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ দৰে বৃহৎ সামাজিক ব্যাধিৰ বিৰুদ্ধে হাতত লোৱা পদক্ষেপক নাৰী জাতিৰ হৈ তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে ৷

শেহতীয়া বাতৰি