Mega Covid19 Vaccination : শুকুৰবাৰে আয়োজিত 'মেগা ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী'লৈ বিপুল সঁহাৰি ৰাজ্যবাসীৰ। অসমত এদিনতে ৬,৭৯,৯৭৩ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান। এই পৰ্যন্ত ৰাজ্যত মুঠ ২,১৫,৯৫,৩০৯ পালি ক'ভিড প্ৰতিষেধক প্ৰদান।
Mega Covid19 Vaccination : শুকুৰবাৰে আয়োজিত 'মেগা ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী'লৈ বিপুল সঁহাৰি ৰাজ্যবাসীৰ। অসমত এদিনতে ৬,৭৯,৯৭৩ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান। এই পৰ্যন্ত ৰাজ্যত মুঠ ২,১৫,৯৫,৩০৯ পালি ক'ভিড প্ৰতিষেধক প্ৰদান।
অসমক ক'ভিডমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অব্যাহত ৰখা ক'ভিড প্ৰতিষেধক (Covid 19 Vaccine) অভিযানৰ অংশৰূপে সকলো জিলা সামৰি শুকুৰবাৰে আয়োজিত ''মেগা ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী' (Mega Covid19 Vaccination)লৈ বিপুল সঁহাৰি জনায় ৰাজ্যবাসীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi Birthday)ৰ ৭১সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ বিশেষ উদ্যোগত ৰাজ্য চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা এই বৃহৎ কাৰ্যসূচীৰ জৰিয়তে শুকুৰবাৰে নিশা ৮.৩০ বজালৈ প্ৰায় ৬.৮০ লাখ লোকক ক'ভিডৰ টীকা প্ৰদান কৰা হয়।
জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ স্বাস্থ্য বিভাগে চলোৱা এই বিশাল ক'ভিড প্ৰতিষেধক কাৰ্যসূচী সফল কৰি তোলাৰ বাবে ৰাজ্যবাসীৰ লগতে সকলো এএনএম-জিএনএম তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাড়ী কৰ্মী-সহায়িকা, গাঁওবুঢ়াৰ প্ৰতি কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই।
এক বাৰ্তাত স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, 'মেগা ক'ভিড প্ৰতিষেধক কাৰ্যসূচীলৈ এই আশাপ্ৰদ সহযোগিতাৰ বাবে ৰাইজলৈ আমি ধন্যবাদ জনাইছো। প্ৰতিখন জিলাতে সকলো গাঁও, চহৰতে এই কাৰ্যসূচী সফল কৰি তোলাত মূল ভূমিকা লোৱা প্ৰতিগৰাকী এএনএম-জিএনএম তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকা, গাঁওবুঢ়াৰ প্ৰতি অভিনন্দন জনোৱাৰ লগতে তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে সকলোৰে শলাগ লৈছোঁ। এই বিশেষ কাৰ্যসূচী সুনিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰতিখন জিলাৰ উপায়ুক্ত সহ জিলা প্ৰশাসনৰ বিষয়াবৰ্গ আৰু স্বাস্থ্য বিভাগৰ বিষয়া-চিকিৎসকসকলকো ধন্যবাদ জনাইছো।'
উল্লেখ্য যে, আজিৰ এই বিশাল ক'ভিড প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত এদিনতে প্ৰায় ৭ লাখ পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লৈছিল স্বাস্থ্য বিভাগে। ভাৰত চৰকাৰৰ Co-win প'ৰ্টেলত শুকুৰবাৰে নিশা ৮.৩০ বজা পৰ্যন্ত আপলোড হোৱা তথ্য অনুসৰি আজি ৰাজ্যৰ ৬,৭৯,৯৭৩ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। জিলাসমূহৰ দুৰ্গম, ভিতৰুৱা স্থানৰ প্ৰতিষেধক কেন্দ্ৰসমূহৰ পৰা এতিয়াও আৰু যথেষ্ট সংখ্যক অফলাইন পঞ্জীয়নৰ তথ্য আপলোড হ'বলৈ থকালৈ চাই নিশালৈ এই পৰিসংখ্যা অধিক বৃদ্ধি পাই ৭ লাখৰ সীমাও অতিক্ৰম কৰাটো নিশ্চিত বুলি মন্ত্ৰী কেশৱ মহন্তই আশা ব্যক্ত কৰে।
উল্লেখ্য যে অসমত এই পৰ্যন্ত মুঠ ২,১৫,৯৫,৩০৯ পালি ক'ভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে স্বাস্থ্য বিভাগ। কেন্দ্ৰীয় চৰকাৰৰ ক'উইন প'ৰ্টেলৰ তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্যখনত ১,৭২,০৫,৯৮৫ গৰাকী লোকে প্ৰথম পালি আৰু ৪৩,৮৮,৩২৪ গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|