সংবাদ মেলযোগে এই কথা জনালে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
সংবাদ মেলযোগে এই কথা জনালে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
আজি অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই বছৰৰ পৰা প্ৰতিবছৰে প্ৰদান কৰা হ’ব অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা। অসম ৰত্ন বঁটা এজনলৈ প্ৰদান কৰা হ’ব প্ৰতিবছৰে। সংবাদ মেলযোগে এই কথা জনালে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
অসম ৰত্ন বঁটাত থাকিব ৫ লাখ টকা, অসম বিভূষণত ৩ লাখ টকা, অসম ভূষণত ২ লাখ আৰু অসমশ্ৰীত ১ লাখ টকা থাকিব। অসম ৰত্ন বঁটা এজনক প্ৰদান কৰাৰ বিপৰীতে অসম বিভূষণ তিনিজনক, অসম ভূষণ ৫জনক আৰু অসম শ্ৰী বঁটা ১০জনক প্ৰদান কৰা হ’ব।
এতিয়াৰে পৰা সাহিত্যৰ বঁটাসমূহ হোমেন বৰগোহাঞিৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ’ব। ক্ৰীড়া বঁটাসমূহ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত আৰু শিল্পী বঁটাসমূহ শিল্পী দিৱসত প্ৰদান কৰা হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|