ৰাজস্থান ৰয়েলছৰ বলাৰ খেলুৱৈ হিচাপে UAE লৈ যাব অসমৰ তিনিগৰাকী ৰঞ্জী খেলুৱৈ

News18 Assam | News18-Assam
Updated:August 14, 2020, 7:28 PM IST
ৰাজস্থান ৰয়েলছৰ বলাৰ খেলুৱৈ হিচাপে UAE লৈ যাব অসমৰ তিনিগৰাকী ৰঞ্জী খেলুৱৈ
অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ আহিছে ইটোৰ পিছত সিটো ভালখবৰ।

অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ আহিছে ইটোৰ পিছত সিটো ভালখবৰ।

  • Share this:
অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ আহিছে ইটোৰ পিছত সিটো ভালখবৰ। আগন্তুক আই পি এলত ৰাজস্থান ৰয়েলছ দলৰ সৈতে থাকিব অসম ৰঞ্জী দলৰ তিনিগৰাকী বলাৰ। ৰাজস্থান ৰয়েলছ দলৰ "নেট বলাৰ" হিচাপে UAE লৈ যাব অসমৰ তিনিগৰাকী বলাৰ ক্ৰমে, ৰাহুল সিং, মৃন্ময় দত্ত আৰু জিতুমণি কলিতা।

অহা ১৯ ছেপ্তেম্বৰৰ পৰা ১০ নবেম্বৰলৈ ইউনাইটেড আৰৱ এমিৰেটছৰ চমুকৈ ইউ এ ইৰ ক্ৰমে শ্বাৰজাহ আৰু আবু ধাবিত অনুষ্ঠিত হ’ব আই পি এলৰ ত্ৰয়োদশ সংস্কৰণ। অসমৰহৈ ৰঞ্জী ট্ৰফীৰ লগতে ভাৰতীয় দলৰ গুৱাহাটী ভ্ৰমণৰ সময়ত উন্নত বলিং কৰিছিল অসমৰ ৰাহুল সিং, মৃন্ময় দত্ত আৰু জিতুমণি কলিতাই। ৰাহুল সিং হ’ল বাওঁহেতীয়া স্পীনাৰ, জিতু মনি সোঁ-হাতৰ অফ স্পীনাৰ আৰু মৃন্ময় দত্ত হ’ল বাওহেতীয়া পেছ বলাৰ।

তিনিওগৰাকী খেলুৱৈয়ে ১৭ আগষ্টত ইউ এ ই অভিমুখে ৰাওনা হ’ব। আই পি এলৰ অভিজ্ঞ দল ৰাজস্থান ৰয়েলছৰ নেট বলিঙে ক্ৰিকেটাৰ তিনিগৰাকীৰ কেৰিয়াৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি এতিয়া আশা প্ৰকাশ কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: August 14, 2020, 7:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading