• Home
  • »
  • News
  • »
  • assam
  • »
  • আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই এটা ভাল খবৰ ! নাজিৰাৰ চাৰি ছাত্ৰীৰ শিক্ষাৰ দ্বায়িত্ব ললে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ...

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই এটা ভাল খবৰ ! নাজিৰাৰ চাৰি ছাত্ৰীৰ শিক্ষাৰ দ্বায়িত্ব ললে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ...

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই এটা ভাল খবৰ৷ নাজিৰাৰ চাৰি ছাত্ৰীৰ শিক্ষাৰ দ্বায়িত্ব ল'লে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷

  • Share this:
আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই এটা ভাল খবৰ৷ নাজিৰাৰ চাৰি ছাত্ৰীৰ শিক্ষাৰ দ্বায়িত্ব ল'লে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷

আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই এটা ভাল খবৰ ৷ নাজিৰাৰ চাৰিগৰাকী বিদ্যালয় বহিৰ্ভূত ছাত্ৰীৰ শিক্ষাৰ দ্বায়িত্ব গ্ৰহণ কৰে অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে৷  শিৱসাগৰ জিলাৰ নাজিৰা নাট্য মন্দিৰত নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহিলা কোষৰ তত্বাৱধানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহিলা কোষৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ লক্ষ্য পুৰণৰ যাত্ৰা হিচাপে আজি এই ছাত্ৰী কেইগৰাকীৰ শিক্ষাৰ দ্বায়িত্ব গ্ৰহণ কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷ ছাত্ৰী কেইগৰাকীক আগন্তুক  শিক্ষা জীৱনৰ সকলো সুবিধা প্ৰদান কৰিব অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷ বিদ্যালয় বহিৰ্ভূত শিশুসকলক বিদ্যালয়লৈ অনাৰ ক্ষেত্ৰত আগন্তুক দিনটো কাম কৰি যাব বুলি জানিবলৈ দিয়ে অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাতুল গোস্বামীয়ে৷ আনহাতে, এইক্ষেত্ৰত জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷

৭ আৰু ৮ মাৰ্চত দুদিনীয়াকৈ আয়োজন কৰা আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি প্ৰথম দিনা বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰে উদ্যোক্তা সকলে৷ লগতে আজি নাৰী দিৱস উপলক্ষে আয়োজন কৰা মুকলি সভাত বহুকেইজন শিক্ষাবিদ আৰু স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
Published by:Kokil Sarma
First published: