ৰাজ্যত এতিয়া কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। এতিয়ালৈকে ৰাজ্যৰ ২৬ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। আনহাতে কোৰোণা ভাইৰাছৰ সন্দেহত বহুজনক এতিয়া ৰখা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰত।
কিন্তু কেনেধৰণৰ খাদ্য কোৱাৰেণ্টাইনত থকা সকলক প্ৰদান কৰিছে নিশ্চয় এই ফটো খন দেখি আপুনি অনুমান কৰিব পাৰিছেই। পুৱাৰ আহাৰত গাখীৰ, ৰুটি, কলৰ পৰা খেজুৰলৈকে দিয়া হৈছে খাবলৈ। লাহৰীঘাট ম'ডেল হাস্পতালত কোৱাৰেণ্টাইনত থকা সকলৰ বাবে স্বাস্থ্য বিভাগে আজি এনেদৰে আগবঢ়াই পুৱাৰ খাদ্য।
উল্লেখযোগ্য যে, কোৱাৰেণ্টাইন চেণ্টাৰত স্বাস্থ্য বিভাগে যোগান ধৰা খাদ্যক লৈ বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছিল। আনকি ছছিয়েল মিডিয়াত একাংশই বিতৰ্কৰ সৃষ্টি কৰিবলৈও চেষ্টা কৰিছিল। তাৰ মাজতে শনিবাৰে সংবাদমেল সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰেণ্টাইনত ়বিভাগে উন্নত মানদণ্ডৰ খাদ্য যোগান ধৰা হৈছে বুলি মন্তব্য কৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|