এন আৰ চিক লৈ আজি পুনৰ এক সংবাদ মেলৰ আয়োজন কৰে APWৰ সভাপতি অভিজিৎ শৰ্মাই। সংবাদমেলত অভিজিৎ শৰ্মাই কয় যে NRC প্ৰকাশৰ আজি ১ বছৰ হ'ল। আমি যি সন্দেহ কৰিছিলো সেয়াই হ'ল। ই জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰা দলিলহে। ৮০ লাখতকৈ অধিক সন্দেহযুক্তৰ নাম সোমাইছে NRCত। কেৱল আমিয়ে আৰম্ভণিৰ পৰা ৰিভেৰিফিকেশ্যন বিচাৰি থাকিলো। APW–এ ১০টা বছৰ নষ্ট কৰিলো NRCৰ নামত। হাজেলা এণ্ড কোম্পানীৰ বাবে জাতীয় দলিল বুমেৰাং হ'ল।
‘‘RGI, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ NRCক লৈ মনোযোগৰ অভাৱ। কোৰোণাৰ বাবে যেনেদৰে বিটিচিৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছে, তেনেদৰে বিধানসভাৰ নিৰ্বাচনো পিছুৱাব লাগে। বিদেশীৰ নামমুক্ত শুদ্ধ ভোটাৰ তালিকা এখন প্ৰস্তুত কৰিহে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। পূৱ পাকিস্তানৰ মানুহক OI বনাবলৈ চেষ্টা কৰিছে। ১০০% পুনৰীক্ষণ বিচাৰিছো NRCৰ।’’ – ক’লে অভিজিৎ শৰ্মাই।
এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে আৰু কয় যে উচ্চতম ন্যায়ালয়ত ক'লো, হাজেলাক পঠাই দিলে। CBIত গোচৰ দিলো, একো নকৰিলে। আমি এতিয়া ক'লৈ যাম? সেয়ে আজি ৰাইজক জনাইছো। শপতগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৈছিল NRC কাৰ্যালয়লৈ, আমি আশা কৰিছিলো। কিন্তু উচ্চতম ন্যায়ালয়ে ককৰ্থনা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়া আঁতৰি আছে। অনিয়ম হোৱা বুলি কোৱাৰ কাৰণে আমাকো আদালত অৱমাননা কৰা বুলি কৈছিল। লিগেচি ডাটাৰ কিনা–বেচা হৈছে বুলি হাজেলাই নিজে আদালতক জনাইছিল। জনীয়া, বাঘবৰ, বৰপেটা, বকো, চমৰীয়া, ধুবুৰী আদিত বহু সন্দেহজনক লোকক OI কৰি দিয়া হ'ল। চমৰীয়াৰ ৬০ হাজাৰ লোকক OI কৰা হৈছিল বুলি অভিযোগ আছিল। সেই অভিযোগৰ ভিত্তিত ৬০ হাজাৰৰ মাজৰ ৩০ হাজাৰ সামৰি কৰা হৈছিল পুনৰীক্ষণ। আশ্চৰ্যজনকভাৱে পুনৰীক্ষণৰ তালিকাত অহা ৩০ হাজাৰৰ OI টেগেই ভুৱা আছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|