• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘আমিনুল ইছলাম এক উদাহৰণহে, সাম্প্ৰদায়িকতাৰ পাশাখেল খেলি অন্ধবিশ্বাসৰ বজাৰ খোলা এনে হাজাৰজন আমিনুল আছে অসমত’

‘আমিনুল ইছলাম এক উদাহৰণহে, সাম্প্ৰদায়িকতাৰ পাশাখেল খেলি অন্ধবিশ্বাসৰ বজাৰ খোলা এনে হাজাৰজন আমিনুল আছে অসমত’

Source-Google

Source-Google

আমিনুল ইছলামক উপযুক্ত ধাৰাত কঠোৰ শাস্তি বিহাৰ দাবী অসম পাব্লিক ৱৰ্কছৰ

  • Share this:
কোৰোণা ভাইৰাছৰ ত্ৰাসৰ মাজতে সাম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক আমিনুল ইছলামক তীব্ৰ ককৰ্থনা অসম পাব্লিক ৱৰ্কছৰ। সভাপতি অভিজিৎ শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰৰ স্বাক্ষৰ সম্বলিত এক বিবৃতিত এ পি ডব্লিউৱে কয় – ‘একমাত্ৰ বাংলাদেশীৰ ভোটৰ অংকৰে ক্ষমতাৰ স্বপ্ন দেখা আমিনুল ইছলামৰ দৰে ভণ্ড ৰাজনীতিক তথা অতি সাম্প্ৰদায়িকতাৰ লেতেৰা ৰাজনীতিকেই মূলধন কৰি দুবাৰকৈ অসম বিধানসভাৰ সদস্য হোৱা আমিনুল ইছলামক উপযুক্ত তথ্য প্রমাণৰ ওপৰত ভিত্তি কৰি তাৎক্ষণিকভাৱে গ্রেপ্তাৰ কৰি অসম আৰক্ষীয়ে যি দৃষ্টান্ত দেখুৱালে তাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে নিজামুদ্দিনৰ পৰা মাৰাত্মক কোৰোণা কঢ়িয়াই আনি যিসকল ধৰা দিয়া নাই সেইসকলৰো যথেষ্ট তথ্য এইজন ভণ্ড নেতাৰ হাতত থাকিব বুলি আমি সন্দেহ প্রকাশ কৰো।’

‘এই আমিনুল ইছলাম এক উদাহৰণহে, এনে হাজাৰজন সাম্প্ৰদায়িকতাৰ পাশাখেল খেলি অন্ধ বিশ্বাসৰ বজাৰ খোলা আমিনুল অসমত আছে। তথ্য প্ৰমাণ পালেই ইহঁতক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ দায়িত্ব অসম আৰক্ষীৰ। এইজন আমিনুল ইছলামক উপযুক্ত ধাৰাত কঠোৰ শাস্তি বিহিবলৈ দাবী জনালো।’ – বিবৃতিত উল্লেখ অসম পাব্লিক ৱৰ্কছৰ।
Published by:Sanjay Kumar Das
First published: