জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লক্ষ্য হ’ল জনজীৱন মিছনৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চললত বসবাস কৰা প্ৰতিঘৰ মানুহলৈ বিশুদ্ধ পানী যোগান ধৰা।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লক্ষ্য হ’ল জনজীৱন মিছনৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চললত বসবাস কৰা প্ৰতিঘৰ মানুহলৈ বিশুদ্ধ পানী যোগান ধৰা।
২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্য চৰকাৰে মুকলি কৰিছে বিভিন্ন আঁচনি। তাৰে ভিতৰৰে কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে জনজীৱন মিছন আঁচনিৰ কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচীৰ শুকুৰবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
২০২৪ চনৰ ভিতৰত ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ কাৰ্যক্ষম পানীকল সংযোগৰ দ্ধাৰা পৰ্যাপ্ত পৰিমাণৰ আৰু নিৰ্ধাৰিত গুণৰ খোৱাপানী যোগান ধৰাৰ লক্ষ্য বান্ধি লৈছে। এই পানী যোগান আঁচনিত জড়িত হ’বলগীয়া ব্যক্তিৰ বাবে কাৰিকৰী দক্ষতা বিকাশৰ জিলা ভিত্তিক প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীৰো শুকুৰবাৰে শুভাৰম্ভ কৰে বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লক্ষ্য হ’ল জনজীৱন মিছনৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলত বসবাস কৰা প্ৰতিঘৰ মানুহলৈ বিশুদ্ধ পানী যোগান ধৰা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|