• Home
  • »
  • News
  • »
  • assam
  • »
  • Price Hike: মূল‍্যবৃদ্ধিক লৈ উদ্বিগ্ন বিজেপিৰ মিত্ৰ দল অগপ, চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান প্ৰাক্তন মন্ত্ৰীৰ...

Price Hike: মূল‍্যবৃদ্ধিক লৈ উদ্বিগ্ন বিজেপিৰ মিত্ৰ দল অগপ, চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান প্ৰাক্তন মন্ত্ৰীৰ...

মূল‍্যবৃদ্ধিক লৈ বিজেপি শাসনাধীস্থিত মিত্ৰজোঁটৰ অগপ দল উদ্বিগ্ন । ৰাইজৰ নিত্য ব‍্যৱহাৰ হোৱা সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনালে প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ সাধাৰণ সম্পাদক কমলা কলিতাই ।

  • Share this:

    এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰঙিয়াত উপস্থিত হৈ সংবাদ মাধ‍্যমৰ আগত এনেদৰে মত ব‍্যক্ত কৰিলে প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ সাধাৰণ সম্পাদক কমলা কলিতাই । লগতে মিত্ৰ দলটোৰ নেতা গৰাকীয়ে পেট্ৰল ডিজেলৰ মূল‍্যবৃদ্ধি সম্পৰ্কে মন্তব্য কৰি কয় যে তেলৰ দামৰ ক্ষেত্ৰত ৰাজ‍্য চৰকাৰৰ কোনো হাত নাই । ইয়াৰ মাজতে যেতিয়া সাংবাদিকে প্ৰশ্ন কৰে যে অসমৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান আতৰতে থকা ভূটানত পেট্ৰ'লৰ মূল্য ভাৰতৰ তুলনাত আধাতকৈও কম, তেতিয়া নেতা গৰাকীয়ে কয় যে অসমৰ অৱস্থা ভাৰতৰ অন্য ৰাজ‍্যৰ তুলনাত যথেষ্ট উন্নত । কাৰণ দিল্লী, মুম্বাইৰ দৰে ঠাইত পেট্ৰ'লৰ মূল্য অসমতকৈ সাত টকা বেছি বুলি গা এৰা মন্তব্য কৰে । ইফালে উপ নিৰ্বাচনত দলটোৰ এগৰাকীও প্ৰাৰ্থী নথকা সন্দৰ্ভত দলটোৰ জেষ্ঠ নেতা গৰাকীয়ে কয় যে ভৱানীপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ বৰ্তমানৰ প্ৰাৰ্থীগৰাকীক অগপ দলৰ তৰফৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ কোৱা হৈছিল যদিও তেওঁ সেই প্ৰস্তাৱ প্ৰত‍্যাখ্যান কৰে । পূৰ্বতেও ভৱানীপুৰৰ বাহিৰে বাকী সমষ্টি কেইটাত অগপৰ প্ৰাৰ্থী নাছিল বাবে এটা সমষ্টিৰ বাবে দলটোৱে টনা আজোৰা নকৰা বুলি মন্তব্য কৰে । উল্লেখ্য যে উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ সাধাৰণ সম্পাদক কমলা কলিতা আৰু অগপ দলৰ উপ সভাপতি দিলীপ পাটগিৰি আৰু কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত‍্যাব্ৰত কলিতাই ৰঙিয়াৰ অগপ দলৰ কৰ্মীসকলৰ সৈতে এক আলোচনাত মিলিত হয় ।
    Published by:Kokil Sarma
    First published: