ব’হাগ...। প্ৰতিজন অসমীয়াৰ শিৰাই শিৰাই প্ৰবাহিত এটি মিঠা অনুভৱ। ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে সকলোৰে মন-প্ৰাণ চুই যায় এই অনামী অনুভৱে। ফাগুনৰ উৰুঙা বতাহজাকে লঠঙা কৰি যোৱা প্ৰকৃতিয়েও ব'হাগ অহাৰ বতৰা পাই মিচিকিয়াই হাঁহে। প্ৰকৃতিয়ে সানি লয় সেউজীয়া। বসন্তৰ কিনকিনিয়া বৰষুণজাকৰ পৰশত গৰ্ভৱতী হয় নদ-নদী। উৰ্বৰা হয় কৃষকে সপোন ৰচা বিপুল সম্ভৱা পথাৰখনি।
বসন্তৰ পৰশত সকলোৰে মন-প্ৰাণ, অনুভৱ আদিবোৰো যেন হৈ পৰে ন পানীৰ মাছৰ দৰে। প্ৰত্যেকে নিজকে নকৈ সজাই তোলাৰ পৰিকল্পনা কৰে। ন কুহিপাতৰ দৰে সকলোৰে সপোনবোৰ যেন প্ৰাণ পাই উঠে ব'হাগৰ পৰশত। ব'হাগলৈ বাট চাই থকা কৃষকসকলেও নাঙলৰ ফালত সান দি সাজু হয় সোণগুটিৰ পথাৰত সপোন ৰচিবলৈ।
তাঁতৰ পাতত বহি গাভৰুজনীয়ে চেনাইৰ সৈতে সংসাৰ গঢ়াৰ সপোন দেখে ব'হাগতেই। অনুভৱী পক্ষী কুলি-কেতেকীৰ সুৰীয়া মাতে হেন্দোলনি তোলে সকলোৰে মনত। মুঠৰ ওপৰত অসমীয়াৰ জনজীৱনত ব'হাগৰ কথা কৈ শেষ কৰিব নোৱাৰি...বিহু পালেহিয়েই।বৰপেৰাৰ পৰা আইতাৰ ৰিহাখন উলিয়াবৰে হ'ল। ক'ভিড মহামাৰীৰ কাৰণে যোৱাবাৰ বিহু ন'হলেই।
গামখাৰুযোৰো সোমাই আছে বৰপেৰাতেই।ইপিনে বহাগ অহাৰ বতৰা পাই প্ৰকৃতিয়েও ৰং সলাইছে।কোমল কুঁহিপাতৰ আৰত বহি কুলীজনীয়ে উতনুৱা কৰিছে নাচনীৰ মন। হেপাঁহৰ ৰঙালী বিহু আহিলেই অসমীয়াৰ গা সাতখন-আঠখন কৰে। যোৱাবাৰ ক'ভিড মহামাৰীৰ বাবে বিহু নহলেই।সেয়ে এইবাৰ দুগুণ উৎসাৰেৰে গাঁৱৰ ডেকা গাভৰুৱে চলাইছে বাপুতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি।তাঁতশালত যুৱতীয়ে চেনাইলৈ বুলি তৈয়াৰ কৰিছে গুটিফুলৰ গামোছা।
কেৱল সিমানেই নহয়, দুপৰ নিশালৈকে গাঁৱত এতিয়া ঢোলৰ গুমগোমনি, পেপা-বাঁহীৰ মাত। বিহুৰ দিনা গৃহস্থক এজোলোকা আৰ্শীবাদ দিবলৈ ডেকা-গাভৰু ব্যস্ত বিহুৰ আখৰাত। ঢোলৰ চেৱে চেৱে , পেপা-বাঁহীৰ সুৰত আপোন-পাহৰা হৈ পৰিছে নাচনী।
উল্লেখ্য যে, ৰাজ্যত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে গাঁৱে-ভূঞে এতিয়া এনেদৰেই চলিছে ৰঙালীৰ প্ৰস্ততি।কিন্তু সকলোৰে এটাই কথা।এইবাৰ যেন আকৌ বিধিপথালি নিদিয়ে মহামাৰী ক'ভিডে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|