• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Prakashan Parishad : এতিয়াৰে পৰা অসমৰ চাৰিখন চহৰত অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা, শিক্ষামন্ত্ৰীৰ ঘোষণা

Assam Prakashan Parishad : এতিয়াৰে পৰা অসমৰ চাৰিখন চহৰত অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা, শিক্ষামন্ত্ৰীৰ ঘোষণা

৪ নৱেম্বৰৰ পৰা ধেমাজিত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৷

৪ নৱেম্বৰৰ পৰা ধেমাজিত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৷

৪ নৱেম্বৰৰ পৰা ধেমাজিত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৷

  • Share this:
অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাক লৈ শিক্ষা বিভাগৰ নতুন সিদ্ধান্ত ৷ দীৰ্ঘদিন ধৰি কেৱল গুৱাহাটীৰ চান্দমাৰীত গ্ৰন্থমেলা আয়োজন কৰি অহাৰ পিছত এইবাৰ অসমৰ চাৰিখন চহৰত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা আয়োজনৰ সিদ্ধান্ত শিক্ষা বিভাগৰ ৷ পূৰ্বতে অসম প্ৰকাশন পৰিষদ আৰু উত্তৰ-পূব গ্ৰন্থ বিক্ৰেতা সন্থাৰ লগত যৌথভাৱে গ্ৰন্থমেলা গুৱাহাটীৰ চান্দমাৰী খেলপথাৰত অনুষ্ঠিত হৈছিল ৷ এইবাৰ প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা (Book Fair of Assam Prakashan Parishad )অসমৰ চাৰিখন চহৰত অনুষ্ঠিত হ’ব ৷ এই কথা ধেমাজিত ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

চাৰি নৱেম্বৰৰ পৰা ধেমাজিত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৷ পূৰ্বৰ কেৱল গুৱাহাটীত এখন গ্ৰন্থমেলা আয়োজনৰ পৰিৱৰ্তে ২০২২ বৰ্ষত চাৰিখন গ্ৰন্থমেলা অনুষ্ঠিত কৰিব অসম প্ৰকাশন পৰিষদে ৷ অসম প্ৰকাশন পৰিষদৰ ২০২২ বৰ্ষৰ প্ৰথমখন গ্ৰন্থমেলা ৪ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ধেমাজিত , দ্বিতীয়খন গ্ৰন্থমেলা ২ ডিচেম্বৰৰ পৰা যোৰহাটত , তৃতীয়খন গ্ৰন্থমেলা ২৯ ডিচেম্বৰত গুৱাহাটীত আৰু চতুৰ্থখন গ্ৰন্থমেলা অনুষ্ঠিত হ’ব বঙাইগাঁৱত ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি