• Home
  • »
  • News
  • »
  • assam
  • »
  • ২০২১ৰ বিধানসভা নিৰ্বাচনঃ অসম প্ৰদেশ যুৱ কংগ্ৰেছক লাগে ৩০টা সমষ্টিত দলীয় টিকট

২০২১ৰ বিধানসভা নিৰ্বাচনঃ অসম প্ৰদেশ যুৱ কংগ্ৰেছক লাগে ৩০টা সমষ্টিত দলীয় টিকট

সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচন। কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ২০২১ চনৰ পঞ্চদশ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী।

সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচন। কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ২০২১ চনৰ পঞ্চদশ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী।

সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচন। কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ২০২১ চনৰ পঞ্চদশ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী।

  • Share this:
সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচন। কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ২০২১ চনৰ পঞ্চদশ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী। শাসকীয় দল বিজেপিয়ে জন সম্পৰ্ক অভিযান আৰম্ভ কৰাৰ সময়তে কংগ্ৰেছে জিলাই জিলাই আৰম্ভ কৰিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী সভা।

আগন্তুক নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে কংগ্ৰেছৰ ভাতৃ সংগঠন অসম প্ৰদেশ যুৱ কংগ্ৰেছেও। যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমৰুল ইছলামৰ মতে, আগন্তুক নিৰ্বাচনত যুৱ কংগ্ৰেছে ৩০ টা সমষ্টিত দলীয় টিকট বিচাৰিব। কংগ্ৰেছ সুত্ৰৰ পৰা জানিব পৰা মতে, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কমৰুল ইছলামে আলগাপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

বিগত নিৰ্বাচনত আমগুৰি সমষ্টিত অগপ প্ৰাৰ্থীৰ হাতত মাত্ৰ ১৬০০ ভোটত পৰাজিত হোৱা অঞ্জন দত্তৰ জিয়ৰী অংকিতা দত্তই পুনৰ বাৰ আমগুৰিত দলীয় টিকট লাভ কৰাটো নিশ্চিত। ডিফু সমষ্টিত মনভি ৰংপি, বোকাজানত ক্লেংডং ইংতি, ধৰ্মপুৰত ৰাতুল পাটোৱাৰী, ডিগৱৈত শিৱনাথ চেতীয়া, জলেশ্বৰত গোলাম কেব্ৰিয়াল, নাওবৈচাত জিতেন কলিতা, ৰঙাপাৰাত সুনীল তুৰি, বিলাসীপাৰা পূৱত নুৰ চফিকুল ৱাজেদ, পাথাৰকান্দিত শচীন সাহু, বিজনীত নাছিৰুদ্দিন খান, জাগিৰোডত কৃষ্ণা দাস, মৰাণত প্ৰাঞ্জল ঘাটোৱাৰ, ঢকুৱাখনাত কালি দাস কামান, অভায়াপুৰী দক্ষিনত প্ৰদীপ চৰকাৰ, বটদ্ৰৱাত অভিজিৎ বৰাই বিচাৰিছে দলীয় টিকট।

ইয়াৰ উপৰিও, প্ৰশান্ত গগৈ শিৱসাগৰ, সঞ্জু বৰা বিশ্বনাথ চাৰিআলি, চাবুৱাত পলাশ শইকীয়া আৰু দুলিয়াজানত ধ্ৰুৱ জ্যোতি গগৈয়ে প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে। ইয়াৰ উপৰি আন বহু সংখ্যক যুৱ নেতা ক্ৰমে ডা: জয় প্ৰকাশ দাস, শংকৰ প্ৰসাদ ৰয়, দুলু আহমেদ, কমল মেধীৰ লগতে আন বহু জনেও পুনৰ বিচাৰিছে দলীয় টিকট। সমান্তৰালভাৱে আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনত যুৱ চামক কংগ্ৰেছে গুৰুত্ব দিব বুলি সংবাদ মাধ্যমক জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
Published by:Himangshu Bhuyan
First published: