মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখৰ পৰাই অৱশ্যে যুৱ কংগ্ৰেছীসকলক দিছপুৰ আৰক্ষীয়ে আটক কৰে।
মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখৰ পৰাই অৱশ্যে যুৱ কংগ্ৰেছীসকলক দিছপুৰ আৰক্ষীয়ে আটক কৰে।
বুধবাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে। ‘দেশৰ সম্পদ বিক্ৰী কৰা নচলিব’, ‘দেশক লুণ্ঠন কৰা বন্ধ কৰক’, ‘বণিয়াৰ পকেটত থকা চৰকাৰ হাই হাই’, ‘ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰা হুচিয়াৰ’ আদি শ্লোগানেৰে গুৱাহাটীৰ ৰাজীৱ ভৱন উত্তাল কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদত অংশ লয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিযুক্ত কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে। মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখৰ পৰাই অৱশ্যে যুৱ কংগ্ৰেছীসকলক দিছপুৰ আৰক্ষীয়ে আটক কৰে।
প্ৰতিবাদত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কমৰুল ইছলাম, ধৰ্মপুৰৰ ৰাতুল পাটোৱাৰী আৰু কৃষ্ণা দাসৰ লগতে প্ৰায় দুশৰো অধিক যুৱ কংগ্ৰেছীক আৰক্ষীয়ে আটক কৰি বাছত উঠাই দিছপুৰ থানালৈ লৈ যায়। প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা ৰাজীৱ ভৱনৰ প্ৰেক্ষাগৃহতে অনুষ্ঠিত হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|