শিৱসাগৰত মোদী চৰকাৰৰ বিৰুদ্ধে সৰব ড° অংকিতা দত্ত শিৱসাগৰত মোদী চৰকাৰৰ বিৰুদ্ধে সৰব ড° অংকিতা দত্ত ''সদ্যঘোষিত অগ্নিপথ আঁচনিয়ে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংশয় সৃষ্টি কৰিছে। এনে আঁচনিয়ে দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ ক্ষতি কৰিব।" -এই মন্তব্য ড° অংকিতা দত্তৰ। শিৱসাগৰ নগৰৰ প্ৰেছ ক্লাবত আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ (Assam Pradesh Youth Congress) সভানেত্ৰী অংকিতা দত্তই সংবাদমেল সম্বোধন কৰি তীব্ৰ সমালোচনা কৰে নৰেন্দ্ৰ মোদী চৰকাৰক।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো চিন্তা চৰ্চা নকৰাকৈ কেৱল চমক সৃষ্টিৰ বাবে কেতবোৰ ঘোষণা কৰা বুলি তাচ্ছিল্য কৰে সভানেত্ৰীগৰাকীয়ে। ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মক নিৰাশা আৰু ভৱিষ্যতহীনতালৈ ঠেলি দিয়াৰ বাদে এই আঁচনিৰ পৰা একো লাভ নহয় বুলি তেওঁ দাবী কৰে।
মাত্ৰ পঁচিশ বছৰত দেশৰ এক বুজন অংশ যুৱক-যুৱতীক ভৰপক বয়সত নিবনুৱা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ অভিযোগ আনে। আনহাতে অগ্নিবীৰসকলে চাৰি বছৰ সেনাবাহিনীত চাকৰি কৰাৰ পিছত এইসকল যুৱক-যুৱতীয়ে কোনো কোম্পানীত সুৰক্ষা কৰ্মীৰ কাম কৰিব নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
আনহাতে চাৰি বছৰ সেনাবাহিনীত চাকৰি কৰি অৱসৰ লোৱা অগ্নিবীৰসকলৰ (Agneepath Scheme) শিক্ষাৰ ভৱিষ্যৎ কি তাক লৈও তেওঁ প্ৰশ্ন কৰে। আনহাতে এই আঁচনিৰ প্ৰসংগত সভাপতি দত্তই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে।মুখ্যমন্ত্ৰীক "কংস মামা" বুলি সম্বোধন কৰি অগ্নিবীৰসকলক অৱসৰৰ পিছত হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীত ভৰ্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কৰা ঘোষণাক প্ৰত্যাহ্বান জনাই সভাপতিগৰাকীয়ে।
তেওঁ মুখ্যমন্ত্ৰীগৰাকীক কেবিনেটত সিদ্ধান্ত নোলোৱাকৈ এনে ঘোষণা নকৰিবলৈ সকীয়াই দি কয় যে টেট শিক্ষকসকলক সংস্থাপিত কৰাত অক্ষম হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ঘোষণা কৰাৰ কোনো অধিকাৰ নাই।
দত্তই লগতে বানমুক্ত অসমৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ইতিমধ্যে বানে উটুৱাই নিলে বুলিও কটাক্ষ কৰে। আনহাতে ভাৰতৰ ৰাইজক এই আঁচনিখনক লৈ হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পৰা বিৰত থাকি শান্তিপূৰ্ণভাৱে এই আঁচনিৰ বিৰোধিতা কৰি চৰকাৰক এই আঁচনি বাতিল কৰিবলৈ বাধ্য কৰোৱাৰ বাবে আহ্বান জনায়।এই শান্তিপূৰ্ণ প্ৰতিবাদত অসম প্ৰদেশ যুৱ কংগ্ৰেছ ৰাইজৰ লগত থাকিব বুলিও তেওঁ ঘোষণা কৰে।
Published by: Gautam Barman
First published: June 22, 2022, 14:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|