যুৱ শিক্ষক ভিক্টৰ দাসক শীঘ্ৰে মুকলি কৰি দিয়ক। এই দাবী অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড০ অংকিতা দত্তৰ। ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি অংকিতা দত্তই কয়, অভিযোগ দিবলৈ যোৱা ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ দুৰ্ভাগ্যজনক ঘটনা।
জয়া কলিতাৰ অভিযোগ সম্পৰ্কতো তদন্ত বিচাৰিছে যুৱ কংগ্ৰেছে। অংকিতা দত্তই কয়, ‘‘জলসিঞ্চন বিভাগৰ নিযুক্তিত ভয়ংকৰ কেলেংকাৰী সংঘটিত কৰিছে তদানীন্তন মন্ত্ৰী ভৱেশ কলিতাই। ৰঙিয়াৰ ৰূপম দাসেও ইয়াৰ পূৰ্বে বিজেপি চৰকাৰৰ দিনৰ নিযুক্তি কেলেংকাৰীৰ অভিযোগ তুলিছিল।’’
ভৱেশ কলিতাৰ পদত্যাগ দাবী অংকিতা দত্তৰ। জয়া কলিতাই ভৱেশ কলিতাৰ দুৰ্নীতি উদঙাই দিছে, তেওঁৰ লগত আমাৰ সমৰ্থন আছে বুলিও সংবাদমেলত ক’লে অংকিতা দত্তই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|