உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • BPFক BJPয়ে গিলি পেলাব আৰু অখিলে ডুবন্ত কংগ্ৰেছৰ নাৱত কিয় উঠিব বিচাৰিছে?  

    BPFক BJPয়ে গিলি পেলাব আৰু অখিলে ডুবন্ত কংগ্ৰেছৰ নাৱত কিয় উঠিব বিচাৰিছে?  

    সুশান্ত আৰু ৰূপজ্যোতিয়ে নিৰ্দলীয়ভাৱে উপ–নিৰ্বাচন খেলকঃ জাকিৰ হুছেইন শিকদাৰ

    সুশান্ত আৰু ৰূপজ্যোতিয়ে নিৰ্দলীয়ভাৱে উপ–নিৰ্বাচন খেলকঃ জাকিৰ হুছেইন শিকদাৰ

    সুশান্ত আৰু ৰূপজ্যোতিয়ে নিৰ্দলীয়ভাৱে উপ–নিৰ্বাচন খেলকঃ জাকিৰ হুছেইন শিকদাৰ

    • Share this:

    অখিল গগৈ, শাসকীয় BJP আৰু হাগ্ৰামা মহিলাৰীৰ BPFক বৃহস্পতিবাৰে এজাউৰি দিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷ এৰি নিদিলে কংগ্ৰেছ এৰি BJPত যোগ দিয়া ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইকো ৷


    অখিল গগৈয়ে বিচাৰিলেও প্ৰদেশ কংগ্ৰেছে বিশ্বাসত নলয় তেওঁক৷ সেয়ে কংগ্ৰেছ হাইকমাণ্ডৰ কাষ চাপিও ব্যৰ্থ হোৱা অখিল গগৈক সুবিধা পালেই আক্ৰমণ কৰিবলৈ এৰি নিদিয়ে প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাই৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ ৷


    বৃহস্পতিবাৰে পুনৰ জাকিৰ হুছেইন শিকদাৰে অখিল গগৈক আক্ৰমণ কৰে ৷ জাকিৰৰ প্ৰশ্ন- “কংগ্ৰেছ ডুবন্ত নাও বুলি কোৱা অখিলে কংগ্ৰেছৰ নাৱত কিয় উঠিব বিচাৰে? অখিলে মনে মনে কংগ্ৰেছৰে মিত্ৰতা কৰিব বিচাৰিছে!”


    অখিলক আক্ৰমণ কৰি এইবাৰ বিধায়ক পদ আৰু কংগ্ৰেছ এৰি BJPত যোগ দিয়া সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীক আক্ৰমণ কৰে জাকিৰ হুছেইন শিকদাৰে ৷ জাকিৰৰ দাবী- “যুগে যুগে থাউৰা আৰু মৰিয়নি কংগ্ৰেছৰ ৷ কংগ্ৰেছৰ বেনাৰতহে জিকিছিল সুশান্ত আৰু ৰূপজ্যোতিয়ে৷ এতিয়া নিজৰ শক্তি আছে যদি BJPৰ বেনাৰত নহয়; সুশান্ত-ৰূপজ্যোতিয়ে নিৰ্দলীয়ভাৱে উপ–নিৰ্বাচন খেলক ৷”


    এনেদৰে অখিল গগৈ, সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰি এইবাৰ জাকিৰ হুছেইন শিকদাৰে হাগ্ৰামা মহিলাৰীৰ BPFকো ৰেহাই নিদিলে ৷ জাকিৰ হুছেইন শিকদাৰৰ দাবী- “BJPয়ে BPFক গিলি পেলাব সৰু মাছৰ দৰে ৷ BPFক আমি আৰু বিচাৰি নাপাম ৷ কিয়নো BPF থাকিবগৈ BJPৰ পাকস্থলীতহে ৷”


    ইপিনে আসন্ন ছটা সমষ্টিৰ উপ–নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰস্তুতি চলাই আছে বুলি সদৰী কৰে জাকিৰ হুছেইন শিকদাৰে ৷ অৱশ্যে থাউৰা, মৰিয়নি আৰু ভৱানীপুৰত কেৱল BJPৰ বাবেই উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া পৰিৱেশ সৃষ্টি হোৱাত BJPক কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷

    Published by:Gautam Barman
    First published: