নিমাতীঘাটত বুধবাৰে সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাক লৈ বৃহস্পতিবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিলে প্ৰদেশ কংগ্ৰেছে ৷ আভ্যন্তৰীণ জল পৰিবহণ মন্ত্ৰীৰ পদত্যাগৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জবাবদিহি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
২০১৬ৰ ২৩ মাৰ্চ , স্থান মাজুলী ৷ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজুলীত ৭০ বছৰে দলং নিৰ্মাণ নোহোৱা কাম তেওঁৰ চৰকাৰে পাঁচ বছৰতে কৰিব বুলি ঘোষণা কৰিছিল ৷
নিৰ্বাচনী সভাত এনেদৰেই যোৰহাট-মাজুলী সংযোগী দলং পাঁচ বছৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীৰ সেই প্ৰতিশ্ৰুতিৰ ছয় বছৰৰ পিছত বুধবাৰে নিমাতীঘাটত সংঘটিত হ'ল ভয়ংকৰ নাও দুৰ্ঘটনা ৷ তাৰ পিছত বৃহস্পতিবাৰে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছে চৰকাৰক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিক সোঁৱৰাই দিলে ৷
প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক'লে- “নৈপৰীয়া বতাহ খাই এতিয়া সাগৰৰ বতাহ খাই আছে সোণোৱালে ৷ মাজুলীৰ মানুহৰ মূৰত দলং সাজি মুখ্যমন্ত্ৰী হোৱা সোণোৱাল এতিয়া কেন্দ্ৰীয় মন্ত্ৰী ৷ কিন্তু মাজুলীত দলং নহ'লগৈ ৷ দুবাৰকৈ কিন্তু দলঙৰ আধাৰশিলা পাতিলে ৷”
আনহাতে, নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পূৰ্বেও আভ্যন্তৰীণ জল পৰিবহণৰ বিষয়া বিক্ৰমাদিত্য চৌধুৰী ২০১৮ত নিলম্বিত হৈছিল ৷ এইবাৰো হৈছে ৷ কিন্তু একে দপ্তৰৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কিন্তু দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা নাই । প্ৰদেশ কংগ্ৰেছৰ দাবী- “দৃষ্টান্ত ৰাখি পদত্যাগ কৰক মন্ত্ৰী পাটোৱাৰীয়ে ৷”
ৰাজীৱ ভৱনত সংবাদমেল পাতি BJPৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো ৰেহাই নিদিলে ৷ ভূপেন বৰাই ক'লে- “মুখ্যমন্ত্ৰীৰ এশদিনীয়া কাৰ্যকালত মৃত্যুয়ে কিৰীলি পাৰিছে ৷ মিজোৰাম সীমান্তত ছয় আৰক্ষী জোৱানে প্ৰাণ দিলে, SP চিৰজীৱনৰ বাবে ঘুণীয়া হ'ল ৷ ডিমা হাছাওত পাঁচজনে প্ৰাণ দিলে, ধেমাজিত ছাত্ৰীক ঘপিয়াই হত্যা কৰিলে ৷ এতিয়া নিমাতীত পৰীমিতা দাসে প্ৰাণ দিবলগীয়া হ'ল ৷ ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে বিধায়ক কিনা বাদ দি ৰাইজৰ কামত লাগক ৷”
আভ্যন্তৰীণ জল পৰিবহণ বিভাগক সমালোচনা কৰি ভূপেন বৰাই বিভাগটোৰ নাম সলনি কৰি পি-পু-সি-শু কৰিবলৈও পৰামৰ্শ দিয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|