ভাৰত জোড়ো যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছৰ আন যাত্ৰা। এই যাত্ৰাৰ নাম 'হাত ছে হাত মিলাও'। ২৬ জানুৱাৰীৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পূৰ্বে বৰাক উপত্যকাত সমাপ্ত কৰিব কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা ৷
কংগ্ৰেছে বৰাকত অসম ছেপ্টাৰৰ ভাৰত জোড়ো যাত্ৰা শেষ কৰিব জানুৱাৰীৰ পহিলা ভাগত ৷ ইয়াৰ বাবে ৰোডমেপ বনাবলৈ ২৯ ডিচেম্বৰত শিলচৰলৈ যাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ বৰাকৰ তিনি জিলাৰ নেতৃত্বৰ সৈতে শিলচৰতে বহিব বৈঠকত।
বৰাকত ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি ঘটোৱাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ 'হাত ছে হাত মিলাও' যাত্ৰাৰ শুভাৰম্ভ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।