নলবাৰীত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ সংবাদ মেল।অসমত কালিৰে পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত নলবাৰী ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি মহন্তৰ মন্তব্য- ভাৰত জোড়ো যাত্ৰাত ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকে অংশগ্ৰহণ কৰি আগবঢ়াইছে সহায়-সহযোগিতা।
অসমত এতিয়া সৰ্বত্ৰ ৰাজনৈতিক সন্ত্ৰাসবাদ চলা বুলি বিস্ফোৰক অভিযোগ কৰি সম্পদৰ ওপৰত লুণ্ঠন চলোৱা চৰকাৰৰ জনবিৰোধী নীতিসমূহ ভাৰত জোড়ো যাত্ৰাৰ যোগেদি ৰাইজৰ কাষলৈ নিয়া হ'ব বুলি সংবাদমেলত সদৰী কৰে মনজিত মহন্তই।
আনহাতে মহন্তই কংগ্ৰছৰ প্ৰতি ৰাইজ বিতুষ্ট হোৱাৰ কাৰণ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাইজৰ পৰা জানি লোৱা হ'ব বুলিও মন্তব্য কৰে। মনজিত মহন্তৰ মতে ৰাইজৰ মতামত লৈ কংগ্ৰেছ দলৰ ভৱিষ্যত ৰণকৌশল প্ৰস্তুত কৰি আগবাঢ়ি যোৱা হ'ব। নেতাগৰাকীয়ে ৰাজ্যৰ তেৰখন জিলাৰ মাজেৰে ভাৰত জোড়ো যাত্ৰা কৰা হ'ব বুলি জনায়।
ইফালে কংগ্ৰেছ দলৰ ধুবুৰীত সম্পন্ন হোৱা ভাৰত জোড়ো যাত্ৰা সন্দেহজনক লোকে অংশ লোৱা বুলি কটাক্ষ কৰা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকো মনজিত মহন্তই উভতি ধৰা দেখা গ'ল। তেওঁ কংগ্ৰেছৰ কথাত বিজেপিক মূৰ ঘমাব নালাগে বুলি কটাক্ষ কৰি বিজেপিয়ে সপোনতো কংগ্ৰেছক দেখে বুলি টিপ্পনী মাৰে।
আনহাতে ৰাজ্যত চৰকাৰে নতুনকৈ ৭০০ খন সুৰা বিপণী স্থাপন কৰা হ'ব বুলি কৰা ঘোষণাকো সমালোচনা কৰে। মহন্তই চৰকাৰৰ বৰঘৰত লালবাটি জলা বুলি কটাক্ষ কৰি চৰকাৰে ৰাজহ আদায়ৰ নামত অৰ্থনৈতিকভাৱে শোচনীয় অৱস্থাৰ জোৰা-টাপলি মাৰি অসমৰ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|