প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ দুৰ্নীতি–অনিয়মত অসম প্রথম স্থানত থকা প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ লগতে ইয়াৰ তদন্ত দাবী কৰিছে। আজি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ ববিতা শৰ্মাই এই সম্পৰ্কত এক বিবৃতি প্ৰকাশ কৰে।
শৰ্মাই বিবৃতিযোগে কয় যে ২০১৯ চনৰ পৰা আৰম্ভ কৰা পি এম কিষাণ আঁচনিৰ সন্দৰ্ভত নিম্ন সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ টোমাৰে তথ্যসহ উল্লেখ কৰে পি এম কিষাণ আঁচনিত দুৰ্নীতি–অনিয়ম হৈছে। দুৰ্নীতি–অনিয়মৰ আশ্ৰয় লৈ দেশত ২৯৯২.৭৫ কোটি টকা অযোগ্য কৃষকে লাভ কৰিছে। এই ক্ষেত্ৰত অসমে প্রথম স্থান দখল কৰিছে আৰু ৰাজ্য খনত ৮.৩৫ লাখ অযোগ্য কৃষকে এই আঁচনিৰ পৰা ৫৫৪.০১ কোটি টকা লৈছে।
কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ তথ্যৰ ভিত্তিত অসম প্ৰদেশ কংগ্ৰেছে এতিয়া এই সন্দৰ্ভত তদন্ত কৰাৰ লগতে প্ৰতিজন অযোগ্য কৃষকৰ পৰা ধন ঘূৰাই আনি চৰকাৰে সঠিক পৰ্যবেক্ষণ কৰি উচিত কৃষকক এই আঁচনিৰ অন্তর্ভুক্ত কৰিবলৈ দাবী জনায়।
কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই বিবৃতিত উল্লেখ কৰে– 'যেতিয়া আমি কৈছিলো যে পি এম কিষাণ আঁচনিত কৃষক নিৰ্বাচন কৰাত দুৰ্নীতি অনিয়ম হৈছে, তেতিয়া আমাৰ কথা পোনছাটেই নাকচ কৰি বিজেপি মিত্রজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্রীকে আদি কৰি শাসক দলৰ নেতাই দুৰ্নীতিত শূন্যসহনশীল বুলি নিজৰ জয়ঢোল কোবাইছিল।'
কিন্তু এতিয়া কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্যত এনে দুৰ্নীতি–অনিয়মৰ কথা প্ৰকাশ পোৱাত চৰকাৰলৈ পুনৰ প্ৰশ্ন তুলিছে অসম কংগ্ৰেছে। বিবৃতিটোত শৰ্মাই লগতে কয়– 'মুখত দুৰ্নীতিত শূন্যসহনশীল বুলি কোৱাতকৈ কাৰ্যত প্ৰকাশ কৰিলেহে জনতা উপকৃত হোৱাৰ লগতে আঁচনিসমূহো সফল হ'ব। মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত সবল পদক্ষেপ লৈ দুৰ্নীতিত শূণ্যসহনশীলতা প্ৰকাশ কৰক।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|