উদ্ধোধনী অনুষ্ঠানত জীতেন্দ্ৰ সিং, দ্বিতীয় দিনা পি চিদাম্বৰম আৰু সামৰণিৰ দিনা উপস্থিত থাকিব কে চি ভেনুগোপাল।
উদ্ধোধনী অনুষ্ঠানত জীতেন্দ্ৰ সিং, দ্বিতীয় দিনা পি চিদাম্বৰম আৰু সামৰণিৰ দিনা উপস্থিত থাকিব কে চি ভেনুগোপাল।
যদি শাসকীয় BJPয়ে পাৰে; তেন্তে বিৰোধী কংগ্ৰেছে নোৱাৰিব কিয়? এনে এক মানসিকতাৰে এতিয়া শাসকীয় BJPৰ পদাংক অনুসৰণ কৰি দলীয় নেত-কৰ্মীক প্ৰশিক্ষণ দিবলৈ আগবাঢ়িছে কংগ্ৰেছে ৷ কিয়নো কিছুদিন পূৰ্বে BJPৰ বিধায়ক আৰু সাংসদসকলক তিনিদিনীয়াকৈ প্ৰশিক্ষণ দিয়া হৈছিল মুম্বাইত ৷
BJPৰ দৰে এতিয়া বিৰোধী কংগ্ৰেছে গুৱাহাটীতে প্ৰশিক্ষণ দিবলৈ ঠিক কৰিছে ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে তিনি দিনীয়া প্ৰশিক্ষণ শিৱিৰ ৷ ১৫ৰ পৰা ১৭ ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই প্ৰশিক্ষণ শিৱিৰত ব্ল'কৰ পৰা আৰম্ভ কৰি ৰাজ্যিক নেতৃত্বলৈকে প্ৰশিক্ষণ দিয়া হ'ব ৷
আৰম্ভণি অনুষ্ঠানত AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে, প্ৰশিক্ষণৰ দ্বিতীয় দিনা প্ৰাক্তন গৃহ তথা বিত্ত মন্ত্ৰী পি চিদাম্বৰমে আৰু সামৰণি অনুষ্ঠানত AICCৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি ভেনুগোপালে অংশগ্ৰহণ কৰিব ৷
অৱশ্যে কংগ্ৰেছৰ এই প্ৰস্তাৱিত প্ৰশিক্ষণে দলটোক কিমানখিনি উপকৃত কৰিব, তাক এতিয়াই ক'ব নোৱাৰি ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|