মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Lovlina Borgohain: লাভলীনা বৰগোহাঁইলৈ ৩ লাখ টকাৰ পুৰস্কাৰ ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

Lovlina Borgohain: লাভলীনা বৰগোহাঁইলৈ ৩ লাখ টকাৰ পুৰস্কাৰ ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

News18 Assam | News18-Assam
Updated:August 5, 2021, 8:47 PM IST
Lovlina Borgohain: লাভলীনা বৰগোহাঁইলৈ ৩ লাখ টকাৰ পুৰস্কাৰ ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ
গুৱাহাটীত উপস্থিত হোৱাৰ সময়তে কংগ্ৰেছ কমিটীয়ে তেওঁক সাক্ষাৎ কৰি পুৰস্কাৰটো প্ৰদান কৰিব।

গুৱাহাটীত উপস্থিত হোৱাৰ সময়তে কংগ্ৰেছ কমিটীয়ে তেওঁক সাক্ষাৎ কৰি পুৰস্কাৰটো প্ৰদান কৰিব।

  • Share this:

৮ আগষ্টত টকিঅ'ত সামৰণি পৰিব ৩২ সংখ্যক অলিম্পিক গেমছ। এইবাৰৰ টকিঅ' অলিম্পিক গেমছত অংশগ্ৰহণ কৰি ইতিহাস সৃষ্টিৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰে লাভলীনা বৰগোঁহায়ে।  অসমৰ সফল বক্সাৰগৰাকীয়ে ৭ আগষ্টত পদক গ্ৰহণ কৰাৰ এদিন পিছত সামৰণি সমাৰোহত অংশলৈ উভতিব স্বদেশলৈ।


গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনা বৰগোহাঁইৰ সফলতাৰ বাবেই বিৰোধী দল অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে খেলুৱৈগৰাকীলৈ ৩ লাখ টকাৰ পুৰস্কাৰ আগবঢ়ায়। লাভলীনালৈ ৩ লাখ টকা ঘোষণা কৰাৰ কথা নিউজ১৮ক জনালে স্বয়ং ৰাজ্যিক সভাপতি ভূপেন বৰাই।


লাভলীনা বৰগোহাঁই গুৱাহাটীত উপস্থিত হোৱাৰ সময়তে কংগ্ৰেছ কমিটীয়ে তেওঁক সাক্ষাৎ কৰি পুৰস্কাৰটো প্ৰদান কৰিব। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই লগতে কয়– আমি লাভলীনা বৰগোহাঁইৰ পৰৱৰ্তী কমনৱেলথ গেমছ, এছিয়ান গেমছৰ বাবে তেওঁক আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।



উল্লেখযোগ্য যে অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমৰ খেলুৱৈ হ'ল লাভলীনা বৰগোহাঁই।

Published by: Gautam Barman
First published: August 5, 2021, 8:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি