গুৱাহাটীৰ মাছখোৱাস্থিত ITA Centreত শনিবাৰে অনুষ্ঠিত হ'ল ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ (Assam BJP)ৰ সাংগঠনিক সভা। সভাত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক বিষয়ববীয়া, মন্ত্ৰী, সাংসদ, বিধায়ক, জিলা সভাপতি, প্ৰভাৰী, নিগম নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষসকল ।
উপস্থিত আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ও ৷ "২৬ তাৰিখে প্ৰতিটো বুথত "মন কি বাত" অনুষ্ঠিত হ'ব।ফেব্ৰুৱাৰী মাহত পৌৰ সভাৰ নিৰ্বাচন। এপ্ৰিল মাহত গুৱাহাটী পৌৰ সভাৰ নিৰ্বাচন। ডিচেম্বৰত প্ৰতিটো মণ্ডলত হ'ব বিষয়ববীয়া সভা ৷ জানুৱাৰীত ইতিহাস সৃষ্টি কৰিব বিজেপিয়ে ৷ ভাৰতীয় জনতা পাৰ্টীৰ সহযোগ নিধি ১০০কোটি টকালৈ লৈ যোৱা হ'ব। বৰাক ভেলীয়ে আটাইতকৈ বেছি টকা দিব ৷ চান্দা সংস্কৃতি বন্ধ ভাৰতীয় জনতা পাৰ্টীত ৷ প্ৰতিখন জিলাৰ পৰা ৫ লাখ টকাৰ টাৰ্গেট বান্ধি দিছোঁ ৷ প্ৰতিটো মণ্ডলতে এটা এটা স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰা হ'ব ৷" —ভৱেশ কলিতাই বৈঠকত উপস্থিত থাকি এইদৰে কয়।
ৰাজ্যিক বিজেপি (State Bjp)ৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই কয়- "আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সমবায় আন্দোলন গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব জিলা সভাপতিসকলে ৷ লোকসভা নিৰ্বাচনৰ বাবে সাংসদসকলে সেই অঞ্চলৰ কাৰ্যকৰ্তাসকলৰ লগত কথা পাতক ৷ সহযোগ নিধি অনুসৰি বিজেপি দলটোক আত্মনিৰ্ভৰ কৰাৰ চেষ্টা কৰিব লাগিব প্ৰত্যেকে ৷ ৫০, ১০০, ৫০০, ১০০০ টকীয়া কুপন থাকিব। বিজেপিৰ পৰিয়াল সমূহৰ ঘৰে ঘৰে গৈ বৰঙণি সংগ্ৰহ কৰিব লাগিব ৷ কোনোৱে যদি বৰঙণি দিব নিবিচাৰে তথাপি বাধ্যবাধকতা নাই।"
বৈঠকত (Organizational Meeting) উপস্থিত থাকি সামৰণী ভাষণ দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় এইদৰে- "৫ বছৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত এপ্ৰিলত নতুন কাৰ্যালয়ৰ কাম সম্পন্ন হ'ব। ১৫ স্থানত ইতিমধ্যে জিলা কাৰ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে। লোকসভাৰ নিৰ্বাচনৰ আগতে সকলো কাৰ্যালয় নিৰ্মাণ সম্পন্ন কৰাৰ লক্ষ্য লৈছোঁ ৷ মণ্ডল পৰ্যায়ত কাৰ্যালয় নিৰ্মাণৰ কাম কৰিব লাগিব বিধায়কসকলে ৷ বিধায়কসকলে কাৰ্যকালৰ সময়ত যদিহে স্থায়ী কাৰ্যালয় নিৰ্মাণ নকৰে, তেন্তে পৰৱৰ্তী সময়ত টিকট প্ৰদানত কৃপনালী আমিও কৰিম ৷ সহযোগী নিধিৰ ধন কেৱল শুভাকাংক্ষী আৰু কাৰ্যকৰ্তাসকলৰ পৰাহে বৰঙণি সংগ্ৰহ কৰক ৷ ১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ এই ধন সংগ্ৰহ কৰক ৷ কিন্তু কোনো দোকান বা ব্যৱসায়ীৰ পৰা চান্দা সংগ্ৰহ নকৰিব ৷ যদিহে সেই ব্যৱসায়ীজন বিজেপিৰ কাৰ্যকৰ্তা তেনেহ'লে তেওঁৰ বৰঙণি (contribution) লওক তাত আপত্তি নাই ৷ জানুৱাৰী পিছত কিমান ধন সংগ্ৰহ হ'ল সেয়া এখন সভা পাতি আমি সদৰি কৰিম ৷ ফেব্ৰুৱাৰীত বিজেপি দলক ভালপোৱা লোকে যদি আজীৱন সদস্য হ'ব খোজে, তেন্তে বৰঙণি দিব পাৰিব। কিন্তু কেৱল চেকৰ জৰিয়তেহে বৰঙণি দিব পাৰিব।"
লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে, "অসম গণ পৰিষদৰ লগত আমাৰ মিত্ৰতা আছে। নিৰ্বাচন বেলেগকৈ খেলিলেও আমি এজনে আনজনক কটু মন্তব্য কৰাৰ পৰা বিৰত থাকিম ৷ এপ্ৰিলত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। পৌৰ নিগমৰ নিৰ্বাচনৰ সমান্তৰালভাৱে দেউৰী আৰু ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন হ'ব। দেউৰী আৰু ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে কমিটী গঠন কৰা হ'ব ৷ যিকোনো ঠাইত এখন সমবায়ৰ নামত বহুত সমবায় থাকিব পাৰে। পূৰ্বে এখন ঠাইত এখন সমবায় থকাৰ নিয়ম সলনিৰ বাবে সংসদত উত্থাপন কৰা হ'ব ৷"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|