• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজেপিৰ ৰাজ্যিক পৰ্যায়ত গুৰুত্বপূৰ্ণ নিযুক্তি, প্ৰতি জিলাত প্ৰভাৰী–সহঃ প্ৰভাৰী নিযুক্ত

বিজেপিৰ ৰাজ্যিক পৰ্যায়ত গুৰুত্বপূৰ্ণ নিযুক্তি, প্ৰতি জিলাত প্ৰভাৰী–সহঃ প্ৰভাৰী নিযুক্ত

file image

file image

মণিপুৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, প্ৰতিমা ভৌমিক, অশোক সিংহলক দায়িত্ব 

  • Share this:

সাংগঠনিক দিশটোক অধিক ত্বৰান্বিত কৰি তুলিবলৈ বিজেপিয়ে অব্যাহত ৰাখিছে কাম-কাজ ৷ অসম প্ৰদেশ বিজেপিয়ে মঙলবাৰে ৮টা মৰ্চাৰ ৭টাৰে পূৰ্ণাংগ সমিতি ঘোষণা কৰাৰ পিছত বুধবাৰে আঠোটা মৰ্চাৰে নিযুক্তি দিলে নতুন প্ৰভাৰী ৷


যুৱ মৰ্চাৰ ৰাজ্যিক প্ৰভাৰীৰ দায়িত্ব লাভ কৰিছে দলটোৰ মূল সমিতিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই ৷ মহিলা মৰ্চাৰ প্ৰভাৰীৰ দায়িত্বত ৰাজ্যিক সাধাৰণ  সম্পাদক পুলক গোহাঁই, কিষাণ মৰ্চাৰ প্ৰভাৰীৰ দায়িত্ব লাভ কৰিছে ৰাজ্যিক উপ–সভাপতি অশোক ভট্টৰায়ে, অনুসূচিত জাতি মৰ্চাৰ প্ৰভাৰীৰ দায়িত্বত উপ সভাপতি জয়ন্ত কুমাৰ দাস, ৰাজ্যিক উপ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলেক অনুসূচিত জনজাতি মৰ্চাৰ প্ৰভাৰীৰ দায়িত্ব, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ প্ৰভাৰী হিচাপে নিযুক্তি পাইছে উপ সভাপতি অজয় কোঁৱৰে, সংখ্যালঘু মৰ্চাৰ প্ৰভাৰীৰ দায়িত্বত ৰাজ্যিক উপ–সভানেত্ৰী বিজুলী কলিতা মেধি আৰু চাহ জনগোষ্ঠী মৰ্চাৰ প্ৰভাৰীৰ দায়িত্ব লাভ কৰিছে ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাসে ৷


বিজেপিয়ে নিযুক্তি দিছে দলটোৰ ৩৯খন সাংগঠনিক  জিলাত প্ৰভাৰী আৰু সহঃ প্ৰভাৰী৷ বজালীত প্ৰভাৰী বিকুল ডেকা আৰু সহঃ প্ৰভাৰী বেণুধৰ নাথ, বাক্সাত প্ৰভাৰী মুকুতা ডেকা আৰু সহঃ প্ৰভাৰী বিধায়ক অজয় ৰয়, বৰপেটাত প্ৰভাৰী জয়ন্ত কুমাৰ দাস আৰু সহঃ প্ৰভাৰী শশাংকজ্যোতি ডেকা, বিশ্বনাথত প্ৰভাৰী কিশোৰ উপাধ্যায় আৰু সহঃ প্ৰভাৰী জয়ন্ত শইকীয়া, বঙাইগাঁৱত প্ৰভাৰী বজ্ৰ কুমাৰ দাস আৰু সহঃ প্ৰভাৰী ৰঞ্জন বৰা, কাছাৰত প্ৰভাৰী মিছন ৰঞ্জন দাস আৰু সহঃ প্ৰভাৰী চৈকৎ দত্ত চৌধুৰী, চৰাইদেউত প্ৰভাৰী বিধায়ক তৰংগ গগৈ আৰু সহঃ প্ৰভাৰী বিনীতা শইকীয়া দে'।


চিৰাঙত প্ৰভাৰী ৰূপে নিযুক্ত কৰিছে বিমল অশ্বোৱাল আৰু সহঃ প্ৰভাৰী অশোক শৰ্মা, দৰঙত প্ৰভাৰী ৰেখাৰাণী দাস বড়ো আৰু সহঃ প্ৰভাৰী ড৹ জুৰী শৰ্মা বৰদলৈ, ধেমাজিত প্ৰভাৰী বিধায়ক ড৹ অমিয় ভূঞা আৰু সহঃ প্ৰভাৰী ঋতুপৰ্ণ বৰুৱা, ধুবুৰীত প্ৰভাৰী অনুপ বৰ্মন আৰু সহঃ প্ৰভাৰী বিজু সৰকাৰ, পূব ধুবুৰীত প্ৰভাৰী টিনামণি দৈমাৰী আৰু সহঃ প্ৰভাৰী সুখেন ৰয়, ডিব্ৰুগড়ত প্ৰভাৰী সাংসদ তপন গগৈ আৰু সহঃ প্ৰভাৰী অৰুণজ্যোতি মৰাণ।


ইয়াৰ লগতে ডিমা হাছাওত প্ৰভাৰী ৰতন টেৰণ আৰু সহঃ প্ৰভাৰী ভৰত টিমুং, ঢকুৱাখনাত প্ৰভাৰী পৰেশ বৰকাকতী আৰু সহঃ প্ৰভাৰী ৰশ্মিৰেখা বৰা, গোৱালপাৰাত প্ৰভাৰী নৱাৰুণ মেধি আৰু সহঃ প্ৰভাৰী সুধীৰ চন্দ্ৰ ৰয়, গোলাঘাটত প্ৰভাৰী সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সহঃ প্ৰভাৰী কৰুণা কুমাৰ ভূঞা, গুৱাহাটীত প্ৰভাৰী জয়ন্ত মল্ল বৰুৱা আৰু সহঃ প্ৰভাৰী কৃষ্ণমণি চুতীয়া, হাইলাকান্দিত প্ৰভাৰী বিশ্বৰূপ ভট্টাচাৰ্য আৰু সহঃ প্ৰভাৰী কণাৰ্ড পুৰকায়স্থ, হোজাইত প্ৰভাৰী জগদীশ দত্ত আৰু সহঃ প্ৰভাৰী সঞ্জীৱ শৰ্মা।


আনহাতে যোৰহাটত প্ৰভাৰী বিধায়ক ৰূপক শৰ্মা আৰু সহঃ প্ৰভাৰী ভৱেন মহন, কলিয়াবৰত প্ৰভাৰী ঋতুবৰণ শৰ্মা আৰু সহঃ প্ৰভাৰী অনিমেষ শইকীয়া, পূব কাৰ্বি আংলঙত প্ৰভাৰী বিজয় গুপ্তা আৰু সহঃ প্ৰভাৰী বিধায়িকা নন্দিতা গাৰ্লোচা, পশ্চিম কাৰ্বি আংলঙত প্ৰভাৰী ৰাজকুমাৰ শৰ্মা আৰু সহঃ প্ৰভাৰী পঙ্কজ বৰবৰা, কৰিমগঞ্জত প্ৰভাৰী সাংসদ ডা৹ ৰাজদীপ ৰয় আৰু সহঃ প্ৰভাৰী সুব্ৰত নাথ, কোকৰাঝাৰত প্ৰভাৰী বনদীপ ডেকা আৰু সহঃ প্ৰভাৰী জিতু কিষাণ।


লখিমপুৰত প্ৰভাৰী অশোক ভট্টৰায় আৰু সহঃ প্ৰভাৰী গোবিন শইকীয়া, মাজুলীত প্ৰভাৰী হৰেন দেউৰী আৰু সহঃ প্ৰভাৰী বসন্ত শইকীয়া, মৰিগাঁৱত প্ৰভাৰী মেঘনা হাজৰিকা আৰু সহঃ প্ৰভাৰী কল্যাণ গগৈ, নগাঁৱত প্ৰভাৰী শান্তনু পূজাৰী আৰু সহঃ প্ৰভাৰী প্ৰণৱ লহকৰ, নলবাৰীত প্ৰভাৰী বিজুলী কলিতা মেধি আৰু সহঃ প্ৰভাৰী বিতোপন ৰাইদঙীয়া, উত্তৰ কামৰূপত প্ৰভাৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু সহঃ প্ৰভাৰী দিলীপ দাস, শদিয়াত প্ৰভাৰী অজয় কোঁৱৰ আৰু সহঃ প্ৰভাৰী মাধুৰ্য নাথ, শিৱসাগৰত প্ৰভাৰী ৰূপম গোস্বামী আৰু সহঃ প্ৰভাৰী সুভাষ দত্ত, শোণিতপুৰত প্ৰভাৰী আৰু নীলিমা দেৱী আৰু সহঃ প্ৰভাৰী আকাশ ফুকন, দক্ষিণ কামৰূপত প্ৰভাৰী জয়ন্ত ডেকা আৰু সহঃ প্ৰভাৰী লক্ষ্য কোঁৱৰ, দক্ষিণ শালমৰা মানকাচৰত প্ৰভাৰী দীপক সাহা আৰু সহঃ প্ৰভাৰী গোপী ঘোষ, তিনিচুকীয়াত প্ৰভাৰী বিধায়ক নৱ কুমাৰ দলে আৰু সহঃ প্ৰভাৰী অনুপসিং ৰাজপুৰোহিত, ওদালগুৰিত প্ৰভাৰী প্ৰাণ কুমাৰ দাস আৰু সহঃ প্ৰভাৰী হিচাপে দলে দায়িত্ব দিছে অপৰাজিতা ভূঞাক ৷


ইফালে, মণিপুৰৰ নিৰ্বাচনক লৈও বিজেপিয়ে নিযুক্তি দিলে প্ৰভাৰী আৰু সহঃ প্ৰভাৰী। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক প্ৰভাৰীৰ দায়িত্ব আৰু সহঃ প্ৰভাৰীৰ দায়িত্ব দিছে ভাৰত চৰকাৰৰ ন্যায় অধিকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলক।

Published by:Gautam Barman
First published: