বাজিল ঢোল,বাজিল খোল, বাজিল মৃদংগ ৷ বাজি উঠিল উৰুলী, মাংগলিক ধ্বনি ৷ মাংগলিক ধ্বনিৰ মাজেৰে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত আৰম্ভ হ'ল অসম প্ৰদেশ বিজেপিৰ কাৰ্যনিৰ্বাহক ৷ সভাপতি ভৱেশ কলিতাই বিজেপিৰ দলীয় পতাকা উত্তোলন কৰাৰ পিছত আৰম্ভ হোৱা কাৰ্যনিৰ্বাহকৰ প্ৰথম কাৰ্যসূচী হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে প্ৰদৰ্শনী কক্ষ ৷
ভাৰত মাতা পূজন, শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ পিছতে আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা কাৰ্যনিৰ্বাহকৰ আদৰণী ভাষণত ভৱেশ কলিতাই কৰিলে অংগীকাৰ— "বিজেপি অসম প্ৰদেশৰ সদস্য ৪২ লাখৰ পৰা ৬০ লাখলৈ বৃদ্ধি কৰিব বিচাৰিছোঁ ৷ তাৰ বাবে আমি প্ৰত্যেকেই এই পৱিত্ৰ ভূমিৰ পৰাই পণ ল'ব লাগিব ৷ কংগ্ৰেছৰ দিনত অবাধে চলা চাকৰিৰ বজাৰ, ছিণ্ডিকেট, গঁড় হত্যা এতিয়া নাই ৷ অপপ্ৰচাৰ, ধৰ্মীয় কথাৰে সমাজ ভাগ কৰা; বিৰোধীৰ এতিয়া এই দুটাই উদ্দেশ্য ৷ উপ-নিৰ্বাচন, পৰিষদীয় নিৰ্বাচন সকলোতে আগন্তুক দিনত বিজেপি জয়ী হ'বই বুলি মোৰ বিশ্বাস ৷ আগন্তুক দিনত সৰ্বোচ্চ উজাৰি কাম কৰি যাম সেই কথা মই দিলোঁ ৷"
বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় দিনৰ কাৰ্যনিৰ্বাহকত মাৰ্গ দৰ্শন কৰোৱাৰ পূৰ্বে প্ৰথম দিনৰ কাৰ্যনিৰ্বাহকতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পূৰ্বৰ চৰকাৰে আৰম্ভ কৰা জনহিতৈষী কাম–কাজক অধিক গতি দিয়া বুলি উল্লেখ কৰিলে ভাষণত ৷
প্ৰথম দিনৰ কাৰ্যসূচীৰ মাজত কাৰ্যনিৰ্বাহক সভাই বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত হোৱা কাম কাজৰ বাবে ধন্যবাদসূচক প্ৰস্তাৱ লয় ৷ প্ৰস্তাৱ ৰাখে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। ড্ৰাগছ, মাটিৰ দালাল, কোভিড যুদ্ধ সন্দৰ্ভত চৰকাৰৰ কাম–কাজৰ বাবে ধন্যবাদসূচক প্ৰস্তাৱ ল'লে কাৰ্যনিৰ্বাহকে। শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ে সমৰ্থন কৰে প্ৰস্তাৱটি৷ উল্লেখ্য যে বৃহস্পতিবাৰে কাৰ্যনিৰ্বাহকে ল'ব গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|