• Home
  • »
  • News
  • »
  • assam
  • »
  • PPE Kit Scam : পিপিই কীট কেলেংকাৰীক লৈ উত্তাল ৰাজ্য, তদন্তৰ দাবী দল–সংগঠনৰ, মুখ্যমন্ত্ৰীয়ে ক’লে – এয়া মিছা অভিযোগ

PPE Kit Scam : পিপিই কীট কেলেংকাৰীক লৈ উত্তাল ৰাজ্য, তদন্তৰ দাবী দল–সংগঠনৰ, মুখ্যমন্ত্ৰীয়ে ক’লে – এয়া মিছা অভিযোগ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠা পিপিই কীট কেলেংকাৰীৰ ন্যায়িক তদন্ত বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠা পিপিই কীট কেলেংকাৰীৰ ন্যায়িক তদন্ত বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠা পিপিই কীট কেলেংকাৰীৰ ন্যায়িক তদন্ত বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছে।

  • Share this:
অসম চৰকাৰৰ পিপিই কিট কেলেংকাৰীৰ বিষয়টোৱে বৰ্তমান উত্তাল কৰি ৰাখিছে ৰাজ্য।  কোভিডৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। সংবাদমাধ্যমত এই কেলেংকাৰী সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিছতে বিভিন্ন দল–সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদো।

এই কেলেংকাৰী সন্দৰ্ভত অসম জাতীয় পৰিষদৰ অভিযোগ,  ‘‘কোভিড পৰিস্থিতিৰ সময়ত প্ৰায় সংখ্যক লোকৰে অৱস্থা বেয়া হৈছিল। ভাগি পৰিছিল বহুলোক। কিন্তু ইয়াৰ বিপৰীতে এজন ব্যক্তি আৰু ব্যক্তিজনৰ পৰিয়ালে কোভিডৰ নামত চলাইছিল লুণ্ঠন।’’ আনকি ভাৰতৰে বৈৰী সৰ্ম্পক থকা চীনৰ পৰা পি পি ই কিট ক্ৰয় কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ অসম জাতীয় পৰিষদৰ।

অসম জাতীয় পৰিষদে কয়, বিমান বন্দৰত ফটো উঠি গৌৰৱ কৰিছিল মুখ্যমন্ত্ৰীয়ে। বাদ পৰিছিল ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা। কিন্তু এতিয়া কিয় অস্বীকাৰ মুখ্যমন্ত্ৰীৰ? বিমানৰ ওচৰত থিয় হৈ পিপিই কীট কিনা বুলি ফটো তুলি মহামানৱ হোৱাৰ বাবে প্ৰচাৰ চলাইছিল নেকি মুখ্যমন্ত্ৰীয়ে বুলি প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ।

অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, ‘‘JCB Industries মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত থকা কোম্পানীৰ নামত ৫ হাজাৰ পিপিই কীট অৰ্ডাৰ কৰা হৈছিল। ঘনশ্যাম ধনুকাৰ Meditime Healthcareৰ নামত ২০ হাজাৰ PPE Kit আবণ্টন হৈছিল। কেৱল পিপিই কিটে নহয়, চেনিটাইজাৰৰ নামটো সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। অনিয়মৰ মাজেৰে ধনুকা পৰিয়ালক দিছিল ঠিকা। ১৮.৮৮ টকাৰ চেনিটাইজাৰৰ ঠিকা দিয়া হৈছিল ১০০ টকাত। এই ক্ষেত্ৰত তদন্তৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীলৈ পত্ৰ লিখিছে অসম জাতীয় পৰিষদে। লগতে সমগ্ৰ বিষয়টো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত দাবী তুলিছে সংগঠনটোৱে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠা পিপিই কীট কেলেংকাৰীৰ ন্যায়িক তদন্ত বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত কংগ্ৰেছৰ অপূৰ্ব ভট্টাচাৰ্যই কয়, ‘‘ৰাইজ আৰু ভয় কৰিব নালাগে, আমি ৫০ হাজাৰ পিপিই কীট আনিলো বুলি কোভিডৰ সময়ত ব্লু ডাৰ্টৰ ওচৰত ফটো মাৰি হিমন্ত বিশ্ব শৰ্মাই প'ষ্ট দিছিল। সেই PPE কীটসমূহ ক'ত ব্যৱহাৰ হ'ল তাৰ হিচাপ লাগে। RTI তথ্যত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈ থকা সকলো মিছা বুলি প্ৰমাণ হৈছে। পিপিই কীট কেলেংকাৰীৰ তদন্ত হ'ব লাগে।

ইফালে, এই কেলেংকাৰী সন্দৰ্ভত মীৰা বৰঠাকুৰে কয়, ৫০ হাজাৰ PPE কীট ক'ত গ'ল হিচাপ লাগে। আৰক্ষী থানাত এজাহাৰ লিখি দালালি কৰাজনক বাঘ হৈ ধৰিম বুলি কোৱা মু্খ্যমন্ত্ৰী কাগজৰ বাঘ। কিন্তু মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত হোৱা নিবিদা বিলাক কোনে বাঘ হৈ ধৰিব বুলি প্ৰশ্ন মীৰা বৰঠাকুৰৰ। হিমন্ত বিশ্ব শৰ্মাই PPE কীটৰ ব্যৱসায় কৰাটো লাজ লগা কথা। ন্যায়িক তদন্ত হ'ব লাগে।

আনহাতে, গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত আম আদমী পাৰ্টীয়ে এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰি কয়, ‘‘কোভিডৰ জটিল পৰিস্থিতিত আমি ঘৰৰ বাহিৰলৈ ওলাবলৈ ভয় কৰিছিলো। কাৰণ আৰক্ষীৰ লাঠীৰ কোব খাব লাগে নেকি আমি। কিন্তু তেনে সময়তে একাংশই ক’লা ধন আহৰণ কৰিছে। অসমত এতিয়ালৈ যিমান কেলেংকাৰী হৈছে তাত ধনুকা পৰিয়াল প্ৰত্যক্ষভাৱে জড়িত আছে। যি সময়ত এখন মাস্ক কিনিবলৈ মানুহে চিন্তা কৰিব লগা হৈছিল, সেই সময়তে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠই অধিক দামত বহু বস্তু যোগান ধৰিছিল।’’

‘‘বস্তু ক্ৰয় কৰাৰ বাবে চৰকাৰে যি নিৰিখ নিৰ্ধাৰণ কৰিছিল সেয়া সন্দেহজনক। PPE কীট আদি ক্ৰয় কৰিবলৈ এখন কমিটী গঠন কৰিব লাগে। কিন্তু কমিটী গঠন কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ পত্নীৰ JCB প্ৰতিষ্ঠানক ঠিকা দিছিল। এই কেলেংকাৰীৰ তদন্ত দাবী কৰিছো।’’ – ক’লে আম আদমি পাৰ্টীৰ যুটীয়া সম্পাদক লক্ষ্মীকান্ত ডুবেই।

কোৰোণা মহামাৰীৰ প্ৰথমটো ঢৌৰ সময়ত অসম চৰকাৰে অধিক মূল্যত দিয়া PPE KITৰ ঠিকা আৰু এই গোটেই প্ৰক্ৰিয়াটোত হোৱা কেলেংকাৰী সন্দৰ্ভত CBI অথবা অসম বিধানসভাৰ সদন কমিটীৰ দ্বাৰা তদন্তৰ দাবী জনাইছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবোৰ মিছা অভিযোগ বুলি মন্তব্য কৰে। ড০ শৰ্মাই কয়, ‘‘আমি PPE kit উপহাৰ পাইছো, এইটো ইশ্বু কৰি লাভ নাই। উপহাৰ দিলে আমি নল’ম নেকি। ভূপেন বৰাই এক বটল প্লাজমা দিছিল নেকি? কাম নাই, এইবোৰ মিছা অভিযোগ।’’

ইফালে, এই অভিযোগক ভিত্তিহীন আখ্যা দিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। ছচিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিণিকি ভূঞা শৰ্মাই।

ছচিয়েল মিডিয়াত ৰিণিকি ভূঞা শৰ্মাই প্ৰকাশ কৰিছে,  কোৰোণা মহামাৰীৰ প্ৰথম সপ্তাহত অসমত এটাও পি পি ই কিট উপলব্ধ নাছিল। মই এজন ব্যৱসায়িক চিনাকিৰ সৈতে যোগাযোগ কৰি বহুত কষ্টৰে প্ৰায় ১৫০০ পিপিই কিট এনএইচএম যোগান ধৰিছিলো। পিছলৈ এন এইচ এমলৈ লিখি এই খিনি মোৰ চি এছ পিৰ অংশ হিচাপে ল’ব লাগে বুলি কৈছিলো। এই যোগানৰ পৰা মই এটা টকাও লোৱা নাছিলো। মোৰ সংগঠনেও আৰোগ্য নিধিলৈ অনুদান আগবঢ়াই কোভিড বিৰোধী যুঁজত সহায় কৰিছে।
Published by:Sanjay Kumar Das
First published: