শিৱসাগৰ জিলাৰ শিমলুগুৰি ভোটৰবাৰীত শক্তিমন্ত্ৰী বিমল বৰা। দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনাৰ পৰা বঞ্চিত পৰিয়ালৰ বুজ ল'লে মন্ত্ৰী গৰাকীয়ে। নাজিৰাত পথাৰে পথাৰে ঘূৰি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত পৰিয়াল বিচাৰি উলিয়ালে মন্ত্ৰী বিমল বৰাই ৷

শিৱসাগৰ জিলাৰ গড়গাঁও বিদ্যুৎ উপসংমণ্ডলৰ অধীনৰ শিমলুগুৰি গোমোঠাৰ ভোটৰবাৰীত আজি উপস্থিত হয় শক্তি মন্ত্ৰী বিমল বৰা (Bimal Bora)। শিমলুগুৰি গোমোঠাৰ ভোটৰ-বাৰীৰ এক ভিতৰুৱা অঞ্চলত চৰকাৰৰ দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি-যোজনাৰ অধীনত বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈ থকা পৰিয়ালৰ সমুহৰ তথ্য সংগ্ৰহ কৰে মন্ত্ৰীগৰাকীয়ে (Power Minister) ৷
শক্তিমন্ত্ৰী বিমল বৰা উপস্থিত হৈ ভোটৰবাৰী অঞ্চলৰ বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়াল সমূহক অতি শীঘ্ৰেই দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনাৰ অধীনত চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত বিদ্যুৎ সংযোগ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ লগতে স্থানীয় বিদ্যুৎ উপসংমণ্ডলকো এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|