আজি ঘোষণা কৰা হ’ব Polytechnic Admission Test (PAT) 2022ৰ ফলাফল। বিয়লি ৪ বজাৰ পিছত কাৰিকৰী শিক্ষা সঞ্চালকালয়ে (Directorate of Technical Education) ঘোষণা কৰিব ফলাফল। অফিচিয়েল ৱেবছাইট dte.assam.gov.inত উপলব্ধ হ’ব ফলাফল।
উল্লেখযোগ্য যে ৩০ জুলাইত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইটাৰযোগে এই পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰিছিল। অসম পলিটেকনিক এডমিশ্যন টেষ্ট অনুষ্ঠিত হৈছিল ২৪ জুলাই ২০২২ত। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইটাৰত শ্বেয়াৰ কৰা জাননী অনুসৰি, প্ৰাৰ্থীসকলে “Polytechnic Admission Test –2022 results’’ লিংকত ক্লিক কৰি তাত জন্মৰ তাৰিখ আৰু ৰোল নম্বৰ টইপ কৰিলে লাভ কৰিব ফলাফল।