এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ অৱস্থা বৰ্তমান একেবাৰে শোচনীয় হৈ পৰিছে । যোৱা চাৰি বছৰ ধৰি এই মিলটোৰ উৎপাদন বন্ধ হৈ আছে ।
এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ অৱস্থা বৰ্তমান একেবাৰে শোচনীয় হৈ পৰিছে । যোৱা চাৰি বছৰ ধৰি এই মিলটোৰ উৎপাদন বন্ধ হৈ আছে ।
ধৈৰ্য্যৰ বান্ধ চিঙিছে ৰঙিয়াৰ এপ'ল মিলৰ ৬০০ কৰ্মচাৰীৰ । চৰকাৰে ১৫ আগষ্টৰ পূৰ্বে এপ'ল মিল পুনৰুজ্জীৱিত কৰক । নহলে ৰাজহুৱাভাৱে আত্মজাহ দিব এপ'ল মিলৰ কৰ্মচাৰীসকলে। শুকুৰবাৰে এপ'ল মিলক পুনৰুজ্জীৱিত কৰাৰ দাবীত মিল চৌহদত তীব্ৰ প্ৰতিবাদ।
চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।
এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ অৱস্থা বৰ্তমান একেবাৰে শোচনীয় হৈ পৰিছে । যোৱা চাৰি বছৰ ধৰি এই মিলটোৰ উৎপাদন বন্ধ হৈ আছে। যাৰবাবে মিলৰ প্ৰায় ৬৫০ শ্ৰমিক-কৰ্মচাৰীৰ অৱস্থা পানীত হাঁহ নচৰাৰ হৈছে । দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এই সকল শ্ৰমিক-কৰ্মচাৰীয়ে ।
জীৱিকাৰ প্ৰতি অশনি সংকেত আহিছে দুৰ্ভগীয়া শ্ৰমিক সকলৰ জীৱনলৈ। আৰ্থিক অভাৱ-অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল । তাৰ পিছতো চৰকাৰৰ নাই কোনো দায়িত্ববোধ, নাই কোনো কৰণীয়।
এইসকল কৰ্মচাৰীৰ ভিতৰত কোনোবাই যদি দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিছে , তেন্তে আন কোনোবাই আকৌ হোটেলত বাচন-বৰ্তন ঢুই পৰিয়াল চলাব লগীয়া হৈছে । প্ৰতিবাদ, আন্দোলন কৰাৰ পিছত চৰকাৰে আশ্বাস, প্ৰতিশ্ৰুতি দিয়ে ঠিকেই, কিন্তু মিলটোহে কাৰ্য্যক্ষম নকৰে ।
এপ'ল কৰ্মচাৰীৰ চৰকাৰলৈ আহ্বান অহা ১৫ আগষ্টৰ পূৰ্বে এপ'ল মিল কাৰ্যক্ষম কৰক চৰকাৰে । নহলে ১৫ আগষ্টৰ পিছত ৰাজহুৱাকৈ শ্ৰমিকসকলে ৰাজপথলৈ ওলাই আহি জংগী আন্দোলন গঢ়ি তোলাৰ পিছতো যদি চৰকাৰে গুৰুত্ব নিদিয়ে তেন্তে ৰাজহুৱাকৈ আত্মজাহৰ দৰে পথ বাছি লব এ'পল কৰ্মচাৰীয়ে । তাৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি হুংকাৰ । First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|