আফগানিস্তান দখলদাৰী তালিবানক লৈ এতিয়া অসমৰ ৰাজনীতিত আৰম্ভ হৈছে যুদ্ধ। এই যুদ্ধত শাসকে বিৰোধী AIUDFক তালিবানপন্থী আখ্যা দিয়াৰ বিপৰীতে AIUDFয়ে শাসকীয় BJPক তালিবানৰ দৰে দল আখ্যা দিছে ৷ তালিবানকেন্দ্ৰিক যুদ্ধৰ সূত্ৰপাত হয় বুধবাৰে ৷
আফগানিস্তানেই নহয়, অসমতো আছে তালিবান ৷ পৰস্পৰে পৰস্পৰক 'তালিবান' আখ্যা দিলে বিজেপি-AIUDFৰ বিধায়কে ৷
BJPৰ বিধায়ক মৃণাল শইকীয়াৰ এই দাবীৰ পিছতে AIUDFৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে মৃণাল শইকীয়া আৰু BJPক তালিবানৰ দৰে দল বুলি দাবী কৰে ৷
আফগানিস্তানৰ দখলদাৰী বাহিনী কুখ্যাত তালিবানীৰ প্ৰসংগ সম্প্ৰতি সৰ্বত্ৰ চৰ্চিত বিষয় ৷ সেই তালিবানৰ প্ৰসংগকেই টানি আনি পৰস্পৰে পৰস্পৰক আক্ৰমণ-প্ৰত্যাক্ৰমণ বিজেপি আৰু AIUDFৰ ৷ AIUDFক তালিবানপন্থী আখ্যা দিলে বিজেপি বিধায়ক মৃণাল শইকীয়াই ৷ শইকীয়াই ক'লে- “হিন্দুস্তানপন্থী আৰু পাকিস্তানপন্থী এই দুটা দলহে থাকিব অসমত ৷”
AIUDFক কৰা এনে কটু সমালোচনাৰ পাছতে বিধায়ক মৃণাল শইকীয়াক উভতি ধৰিছে AIUDFৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে ৷ আমিনুল ইছলামে ক'লে- “মৃণাল শইকীয়া আৰু বিজেপি তালিবানতকৈ কম নহয় ৷ তালিবানক পৃথিৱীয়ে ঘৃণা কৰাৰ দৰে BJPকো মানুহে ঘৃণা কৰে ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|