দেশত চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন। লকডাউনৰ সময়ত চৰকাৰে বান্ধি দিছে কেতবোৰ নীতি–নিৰ্দেশনা। প্ৰতিজন লোককে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে। কিন্তু তাৰ পিছতো একাংশ লোকে পৰোৱা নকৰে চৰকাৰ–প্ৰশাসনৰ কথালৈ।
ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাকৈ থকা লোকৰ বিৰুদ্ধে কঠোৰ মহানগৰ আৰক্ষী।
লকডাউনৰ সময়ছোৱাত ৰাজ্য চৰকাৰে দিছে বহু শিথিলতা৷ যাৰ বাবে ডেৰ মাহ গৃহবন্দী হৈ থকা লোকসকল ওলাই আহিছে নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ৷ ৰাজ্য চৰকাৰে কিছু শিথিলতা দিলেও বান্ধি দিছিল বহুকেইটা নীতি–নিৰ্দেশনা৷ কিন্তু এতিয়াও একাংশ লোকে মানি চলা নাই সামাজিক দূৰত্ব তথা ৰাজহুৱা স্থানত পৰিধান নাই কৰা মাস্ক৷ যাৰ বাবে তেনে লোকৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী৷ আৰক্ষী আয়ুক্তৰ গুৱাহাটীবাসীলৈ আহ্বান – সকলোৱে মানি চলক ৰাজ্য চৰকাৰৰ নিৰ্দেশনা৷ অন্যথা আৰক্ষীয়ে ল’ব কঠোৰ ব্যৱস্থা৷ যদি কোনো লোকে নামানে সেইসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ওপৰি বিহা হ’ব জৰিমনা৷ ইতিমধ্যে মহানগৰ আৰক্ষী আয়ুক্তই সকলো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক নিৰ্দেশ দিছে যি সকলে চৰকাৰৰ নীতি–নিৰ্দেশনা মানি চলা নাই সেইসকলৰ বিৰুদ্ধে লওক আইনী ব্যৱস্থা৷অকল সাধাৰণ জনতাৰ বাবেই নহয়, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বত্ত্বাধিকাৰীসকলকো দিছে সকীয়নি৷ যদি কোনো দোকান বা কাৰ্যালয়ত সামাজিক দূৰত্ব মানি চলা নাই, তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীয়ে ল’ব কঠোৰ ব্যৱস্থা৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|