শ্বাৰ্জিল ইমামক অসমলৈ অনাৰ বাবে তৎপৰ অসম আৰক্ষী

News18 Assam | News18-Assam
Updated:February 7, 2020, 12:46 PM IST
শ্বাৰ্জিল ইমামক অসমলৈ অনাৰ বাবে তৎপৰ অসম আৰক্ষী
source-google

দিল্লী, বিহাৰ, অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশৰ লগতে অসম আৰক্ষীয়েও শ্বাৰজিলৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

  • Share this:
পাটিয়ালা হাউছ ক’র্টে শ্বাৰজিল ইমামক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত এতিয়া ইমামক অসমলৈ লৈ যাবলৈ তৎপৰ হৈছে অসম আৰক্ষী। ইতিমধ্যে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশে Production Warrant জাৰি কৰিছে। গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত উপ–আয়ুক্ত নৱনীত মহন্তই শ্বাৰজিল ইমামক লৈ যাব গুৱাহাটীলৈ।

আজি সকলো আনুষ্ঠানিক প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত অসম আৰক্ষীয়ে ইমামক অসমলৈ লৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দিল্লী, বিহাৰ, অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশৰ লগতে অসম আৰক্ষীয়েও শ্বাৰজিলৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

উল্লেখযোগ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ৰ পিছতে আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল শ্বাৰজিল ইমামক। ফেবুকত ভাইৰেল হোৱা ভিডিঅ’টোত অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ কথা কৈছিল শ্বাৰ্জিলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি