মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘দুঃচিন্তা এৰি অৱতীৰ্ণ হওক পৰীক্ষাত’- SI পদৰ চাকৰি প্ৰাৰ্থীলৈ আহ্বান অসম আৰক্ষীৰ, এটা বৃহত্‍ প্ৰৱঞ্চকৰ চক্ৰ জালত পৰাৰ সম্ভাৱনা

‘দুঃচিন্তা এৰি অৱতীৰ্ণ হওক পৰীক্ষাত’- SI পদৰ চাকৰি প্ৰাৰ্থীলৈ আহ্বান অসম আৰক্ষীৰ, এটা বৃহত্‍ প্ৰৱঞ্চকৰ চক্ৰ জালত পৰাৰ সম্ভাৱনা

News18 Assam | News18-Assam
Updated:September 13, 2020, 10:56 AM IST
‘দুঃচিন্তা এৰি অৱতীৰ্ণ হওক পৰীক্ষাত’- SI পদৰ চাকৰি প্ৰাৰ্থীলৈ আহ্বান অসম আৰক্ষীৰ, এটা বৃহত্‍ প্ৰৱঞ্চকৰ চক্ৰ জালত পৰাৰ সম্ভাৱনা
এতিয়া আৰক্ষীৰ সোধা-পোছাত ওলাইছে বহু গোপন তথ্য। ধৃত মনোজে বহু কেইজন চাকৰি প্ৰত্যাশীক ফোন কৰিছিল।

এতিয়া আৰক্ষীৰ সোধা-পোছাত ওলাইছে বহু গোপন তথ্য। ধৃত মনোজে বহু কেইজন চাকৰি প্ৰত্যাশীক ফোন কৰিছিল।

  • News18 Assam
  • Last Updated: September 13, 2020, 10:56 AM IST
  • Share this:
লখিমপুৰৰ মনোজ তামুলীয়ে হেনো ৪ লাখ টকাৰ বিনিময়ত অসম আৰক্ষীত চাকৰি দিব! শনিবাৰে ব্যাপক ভাবে ছচিয়েল মিডিয়াত ভাইৰেল হ’ল এটা অডিঅ’ ক্লীপ।বহুতে প্ৰশ্ন কৰিলে ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী স্থিতিকলৈ। লগে লগে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিলে অভিযান। আৰু অৱশেষত লখিমপুুৰৰ আজাদ অঞ্চলৰ ৰাজখোৱা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে মনোজ তামুলী নামৰ প্ৰৱঞ্চকটোক।

এতিয়া আৰক্ষীৰ সোধা-পোছাত ওলাইছে বহু গোপন তথ্য। ধৃত মনোজে বহু কেইজন চাকৰি প্ৰত্যাশীক ফোন কৰিছিল। আৰু চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই ৪-৫ লাখকৈ টকা দাবী কৰিছিল। প্ৰথমে ৫০ হাজাৰ টকা পৰ্যন্ত আৰু লিখিত আৰু শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ’লে বাকী টকা দিবলৈ চাকৰি প্ৰাৰ্থীক কৈছিল মনোজে। লগতে এডমিট কাৰ্ডৰ এটা ক’পি আগতীয়াকৈ বিচাৰিছিল মনোজে। আৰক্ষীৰ তদন্তত এতিয়া এটা বৃহৎ চক্ৰ জালত পৰা সম্ভাৱনা আছে। জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা মনোজৰ সৈতে জড়িত তেজপুৰৰ এটা বৃহত্‍ প্ৰৱঞ্চকৰ চক্ৰ।

ইয়াৰ পূৰ্বেও জালিয়াতিৰ অভিযোগত কাৰাবাস খাটিছিল মনোজ তামুলীয়ে। তামুলীক গ্ৰেপ্তাৰৰ পিছত অসম আৰক্ষীয়ে ২০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত সকলো প্ৰাৰ্থীকে মনৰ পৰা বেয়া চিন্তা আঁতৰ কৰি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাইছে।
Published by: Himangshu Bhuyan
First published: September 13, 2020, 10:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি