শুকুৰবাৰে শ্বাৰ্জিল ইমামক গুৱাহাটীলৈ অনাৰ সম্ভাৱনা

News18 Assam | News18-Assam
Updated:February 6, 2020, 12:03 PM IST
শুকুৰবাৰে শ্বাৰ্জিল ইমামক গুৱাহাটীলৈ অনাৰ সম্ভাৱনা
source-google

শ্বাৰ্জিলক অসমলৈ আনিবলৈ ১০ দিন ধৰি গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত উপ আয়ুক্ত নাৱনীত মহন্ত দিল্লীত বাহৰ পাতি আছে ।

  • Share this:
ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া বাওঁপন্থী নেতা শ্বাৰ্জিল ইমামক শুকুৰবাৰে অসমলৈ অনাৰ সম্ভাৱনা আছে। শ্বাৰ্জিলক অসমলৈ আনিবলৈ ১০ দিন ধৰি গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত উপ আয়ুক্ত নাৱনীত মহন্ত দিল্লীত বাহৰ পাতি আছে । এখন ‘Production Warrant’ৰ যোগেদি দিল্লী আৰক্ষীয়ে শ্বাৰ্জিলক অসম আৰক্ষীলৈ হস্তান্তৰ কৰিব ।  তাৰ পাছত গুৱাহাটীলৈ বিমান যোগে লৈ যোৱা হব JNUৰ ছাত্ৰজনক ।

শ্বাৰ্জিল দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ গৱেষক ছাত্ৰ আৰু IIT মুম্বাইৰ প্ৰাক্তন ছাত্ৰ । IITৰ শিক্ষা সমাপ্ত কৰাৰ পাছত কিছুদিন ‘Copenhagen’ ত কৰ্মৰত  আছিল শ্বাৰ্জিল ।

শ্বাহিনবাগত ৰাজহুৱাকৈ ৰে’ল লাইন বিঘ্নিত কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া শ্বাৰ্জিলৰ বিৰুদ্ধে  অসম আৰক্ষী, দিল্লী আৰক্ষী, বিহাৰ আৰক্ষী আৰু অৰুণাচল আৰক্ষীয়ে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল।  ২৮ জানুৱাৰী তাৰিখে দিল্লী আৰক্ষীয়ে শ্বাৰ্জিলক বিহাৰৰ জাহানাবাদ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । বৰ্তমান দিল্লী আৰক্ষীৰ জিম্মাত আছে ছাত্ৰ জন ।

শ্বাৰ্জিলক বিচাৰি অসম আৰক্ষীৰ এটা দল  বিহাৰত উপস্থিত হৈছিল ।  কিন্তু অসম আৰক্ষীয়ে শ্বাৰ্জিলৰ অৱস্থিতিৰ উমান পোৱাৰ আগতেই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিল্লীলৈ লৈ আহিছিল ছাত্ৰ জনক ।
আৰু চাওক
পৰৱৰ্তী বাতৰি