உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আপুনি গুৱাহাটীৰ ভাৰাঘৰত থাকে নে কি? আপোনাৰ ঘৰলৈ আহি আছে আৰক্ষী

    আপুনি গুৱাহাটীৰ ভাৰাঘৰত থাকে নে কি? আপোনাৰ ঘৰলৈ আহি আছে আৰক্ষী

    যান বাহন সমস্যা দুৰ কৰাৰ কাৰনে লব পৰীক্ষামূলক ব্যৱস্থা ৷ সহায় লব নাগৰিক কমিটিৰ ভলন্টিযাৰৰ। জনালে ডিজিপি ভাস্কৰজ্যোতি মহন্তই।

    • Share this:
    খেল’ ইণ্ডিয়া আৰু ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়ত অসম আৰক্ষীৰে বিশেষ বৈঠক নাগৰিক সমিতিৰ ৷ বিশেষকৈ মহানগৰীৰ বৰ্ধিত অপৰাধ, ড্ৰাগছৰ অবাধ বেহা ৰোধৰ ক্ষেত্ৰত সাধাৰন ৰাইজৰ পৰা সহযোগিতা বিছাৰিছে অসম আৰক্ষীয়ে ৷ গুৱাহাটী জিলা পুথিভড়ালত গুৱাহাটীৰ সকলো নাগৰিক সমিতিৰ সৈতে হোৱা বৈঠকত অসম আৰক্ষীয়ে লৈছে তিনিটা বিশেষ সিদ্ধান্ত৷
    "অহা তিনি মাহৰ ভিতৰত গুৱাহাটীৰ সকলো ভাড়াঘৰত আৰক্ষী আৰু নাগৰিক সমিতিয়ে চলাব জৰীপ ৷ আৰক্ষীৰ ফালৰ পৰা ভাৰতীয়া লোকৰ বাবে দিয়া হব প্ৰ–পত্ৰ ৷ ইয়াৰ লগতে তিনিমাহৰ বাবে ৰাজপথত  যান বাহনৰ সমস্যা দুৰ কৰাৰ বাবেও লব পৰীক্ষামূলক ব্যৱস্থা ৷"

    অসম আৰক্ষীয়ে নাগৰিক কমিটিৰ লগত বৈঠকত মিলিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে নাগৰিক সকলে ৷ বৈঠকত আগন্তুক খেল’ ইণ্ডিয়াৰ নিৰাপত্তা আৰু কা বিৰোধী প্ৰতিবাদৰ সময়ত যদিহে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে সেয়া ৰোধৰ বাবে সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তই ৷ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই দাবী কৰা মতে যদি তিনিমাহৰ ভিতৰত ভাড়া ঘৰৰ জৰীপ হয় তেন্তে বহু খিনি অপৰাধ ৰোধ কৰিবলৈ সক্ষম হ’ব আৰক্ষী ৷
    First published: