দিল্লীত বাহৰ পাতিছে অসম আৰক্ষীৰ দলে, কিয় এতিয়াও জিম্মাত পোৱা নাই শ্বাৰ্জিল ইমামক?

ফাইল ফটো
শ্বাৰ্জিলৰ আপত্তিজনক ভাষণৰ ভিত্তিত মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে দেশদ্ৰোহ, UAP আইনৰ ভিত্তিত ৰুজু কৰিছিল গোচৰ৷ এই গোচৰ সংক্ৰান্ততে ক্ৰাইম ব্ৰাঞ্চৰ ADCP নৱনাথ মহন্তৰ নেতৃত্বত নতুন দিল্লীত বাহৰ পাতি আছে আৰক্ষীৰ এটা দল৷
- News18 Assam
- Last Updated: February 12, 2020, 9:38 AM IST
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নতুন দিল্লীৰ শ্বাহিনবাগত JNUৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিল ইমামে অসম আৰু উত্তৰ–পূবক লৈ কৰিছিল আপত্তিজনক মন্তব্য৷ ভাষণত অসম আৰু উত্তৰ–পূবক ভাৰতৰ পৰা আঁতৰাই ৰাখিব লাগে বুলি মন্তব্য কৰিছিল শ্বাৰ্জিলে৷ শ্বাৰ্জিলৰ মন্তব্যৰ পিছতে সমগ্ৰ দেশত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। ৰুজু হৈছিল দেশদ্ৰোহৰ গোচৰ৷
শ্বাৰ্জিলৰ আপত্তিজনক ভাষণৰ ভিত্তিত মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে দেশদ্ৰোহ, UAP আইনৰ ভিত্তিত ৰুজু কৰিছিল গোচৰ৷ এই গোচৰ সংক্ৰান্ততে ক্ৰাইম ব্ৰাঞ্চৰ ADCP নৱনাথ মহন্তৰ নেতৃত্বত নতুন দিল্লীত বাহৰ পাতি আছে আৰক্ষীৰ এটা দল৷
আনহাতে, শ্বাৰ্জিল ইমামক জিম্মাত বিচাৰি দেশৰ কেইবাখনো ৰাজ্যৰ আৰক্ষীয়ে নতুন দিল্লীত বাহৰ পাতি আছে৷ দিল্লী আৰক্ষীৰ গোচৰত বিহাৰৰ জাহানাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছিল শ্বাৰ্জিলক৷ ১৬ জানুৱাৰীত আপত্তিজনক ভাষণৰ পিছতে পলাতক অৱস্থাত আছিল শ্বাৰ্জিল। দিল্লী আৰক্ষীয়ে এতিয়াও গোচৰৰ তদন্ত কৰি থকাৰ বাবে শ্বাৰ্জিলক অসমলৈ অনাত আহি পৰিছে আইনী বাধা৷ ইতিমধ্যে ১০ দিনতকৈ অধিক দিন মহানগৰ আৰক্ষীৰ দলটো নতুন দিল্লীতে বাহৰ পাতি আছে৷ আইনী বাধা আঁতৰিলেই অসমলৈ লৈ অনা হ’ব অসমক ভাগ কৰিব বিচৰা শ্বাৰ্জিলক ইমামক৷