ল’ক ডাউনক কেৰেপ নকৰা একাংশক ৰাজপথতে আৰক্ষীয়ে দিলে এশিকনি

News18 Assam | News18-Assam
Updated:March 25, 2020, 12:18 PM IST
ল’ক ডাউনক কেৰেপ নকৰা একাংশক ৰাজপথতে আৰক্ষীয়ে দিলে এশিকনি
দেশত ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ল’ক ডাউন ঘোষণা কৰিলে। কিন্তু ল’ক ডাউনৰ কেৰেপেই নকৰে একাংশই।

দেশত ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ল’ক ডাউন ঘোষণা কৰিলে। কিন্তু ল’ক ডাউনৰ কেৰেপেই নকৰে একাংশই।

  • Share this:
দেশত ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ল’ক ডাউন ঘোষণা কৰিলে। কিন্তু ল’ক ডাউনক যেন কেৰেপেই নকৰে একাংশই। বুধবাৰে পুৱাই একাংশ উদণ্ড যুৱকে চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ৰাজপথলৈ ওলাই আহিল।

এনে লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ৰাম পিটন দিয়া পৰিলক্ষিত হ’ল। আনকি একাংশক মাজ বাটৰ পৰা ধমক দি উভতাই পঠিয়াই আৰক্ষীয়ে। বিভিন্ন কামৰ অজুহাত দেখুৱাই ৰাজপথলৈ ওলাই অহা বুলি দুই এজনে আৰক্ষীৰ লগত তৰ্কা–তৰ্কিত লিপ্ত হোৱাও দেখা গ’ল।

তলাবন্ধৰ সময়ত ৰাজ্যৰ একাংশ লোকে কৰা অতপালিত এতিয়া অসন্তুষ্টি ব্যক্ত কৰিছে সচেতন মহলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি