প্ৰত্যেক দিনাই অসম আৰক্ষীৰ মাজত বৃদ্ধি পাইছে কোৰোণাৰ আতংক ৷ প্ৰত্যেক দিনাই কোৰোণাত আক্ৰান্ত হৈছে ইজনৰ পিছত আৰক্ষীৰ লোক। কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে শতাধিক আৰক্ষী। সমগ্ৰ অসমত এই পৰ্যন্ত কোৰোণাত আক্ৰান্ত হৈছে ২২০ গৰাকীকৈ আৰক্ষীৰ লোক।
৫ জুলাইতে পজিটিভ হৈছে ৰাজ্যজুৰি ৪০ গৰাকী আৰক্ষীৰ লোক ৷ আক্ৰান্ত হৈছে মুখ্য কাৰ্যালয়ত থকা বিষয়াৰ লগতে ডিজিপিৰ নিৰাপত্তাৰক্ষীও ৷ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সংবাদমেল যোগে ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনায় ৷ অসম আৰক্ষী মাৰ্চ মাহৰ পৰাই এনেধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু হৈছিল বুলি জনাই আৰক্ষী সঞ্চালক প্ৰধানে ৷
আনকি পৰিস্থিতি অধিক অৱনতি ঘটাৰ সম্ভাৱনা দেখি ডিজিপি ৰিৰ্জাভৰ বিষয়া জোৱান সকলক নিজ নিজ বেটেলিয়ানলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ দেৰগাঁৱত ২৬ খন বিচনাযুক্ত আৰু ১৬ AP(IR) Bn নিৰ্মাণ কৰা হ’ব আৰক্ষীৰ বাবে কভিড কেয়াৰ চেণ্টাৰ ৷ য’ত অসম আৰক্ষীৰ ২২ গৰাকী চিকিৎসক আৰু ২৫০ গৰাকী নাৰ্চে আৰক্ষীৰ লোক সকলক চিকিৎসা প্ৰদান কৰিব ৷
ইয়াৰ লগতে খানাপাৰা কভিড কেয়াৰ চেণ্টাৰত আৰক্ষীৰ বাবে ৰখা হৈছে বিশেষ অংশ ৷ য’ত কেৱল আৰক্ষীৰ লোকৰ চিকিৎসা প্ৰদান কৰা হ’ব ৷ ইয়াৰ লগে লগে জিলাসমূহৰ লগতে আৰক্ষীৰ মুখ্য কাৰ্যালয়তো হেল্পডেস্কৰ ব্যৱস্থা কৰা হৈছে ৷ দিনে দুবাৰকৈ ফোনযোগে প্ৰত্যেক জন কোৰোণাত আক্ৰান্ত আৰক্ষীৰ খবৰ লোৱা হয় ৷ লগতে পৰিয়ালৰ লোকৰো খবৰ লোৱা হয় ৷ আৰক্ষী সঞ্চালক প্ৰধান মহন্তই লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক দিনা দুবাৰকৈ ফোন যোগে আৰক্ষীৰ লোক সকলৰ খবৰ লয়।
আনহাতে মাৰ্চ মাহৰ পৰা ল’ক ডাউন উলংঘা কৰা তথা কোভিডৰ বাবে দিয়া নীতি নিৰ্দেশনা নমনা প্ৰায় ৪,৭৭৭ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা হৈছে ৩৫,০০০ খন বাহন ৷ আনহাতে ল’ক ডাউন উলংঘা কৰাৰ বাবে জৰিমনা বিহিছে ৪কোটি ৫৭ লাখ ৮৯ হাজাৰ ১৫০ টকা ৷ ৰাজহুৱা স্থানত মাস্ক নিপিন্ধাৰ বাবে জৰিমনা বিহিছে ৭৩ লাখ ২৪ হাজাৰ ৫০০ টকা ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|