
দীৰ্ঘদিন ধৰি তেওঁ কোনো জটিল ৰোগত আক্ৰান্ত হৈ আছিল।
দীৰ্ঘদিন ধৰি তেওঁ কোনো জটিল ৰোগত আক্ৰান্ত হৈ আছিল।
অভয়াপুৰীত আৰক্ষী জোৱানে নিজৰ ৰাইফলেৰে বুকুত গুলীয়াই কৰিলে আত্মহত্যা। আত্মহত্যা কৰা জোৱানজন অষ্টম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ হাবিলদাৰ চিত্তৰঞ্জন চৌধুৰীয়ে(৫৭)।
কৰ্তব্যৰত অৱস্থাতে আজি পুৱা ৩:২৫ বজাত কাৰ্বাইনেৰে বুকুত গুলীয়াই কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় তেওঁ। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি তেওঁ কোনো জটিল ৰোগত আক্ৰান্ত হৈ আছিল। সন্দেহ কৰা হৈছে সেই কাৰণতে তেওঁ আত্মহত্যাৰ পথ বাছি লয়। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে। ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|