মুখ্যপৃষ্ঠা »খবৰ »অসম »ইউনিফৰ্মৰ লগত ধৰ্মীয় টুপি পৰিধান কৰি চাকৰি হেৰুৱালে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক চৌকত্‍ আলীয়ে

ইউনিফৰ্মৰ লগত ধৰ্মীয় টুপি পৰিধান কৰি চাকৰি হেৰুৱালে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক চৌকত্‍ আলীয়ে

ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল চৌকত্‍ আলীয়ে আৰক্ষীৰ পোছাকৰ সৈতে ধৰ্মীয় টুপী পৰিধান কৰা ফটো।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল চৌকত্‍ আলীয়ে আৰক্ষীৰ পোছাকৰ সৈতে ধৰ্মীয় টুপী পৰিধান কৰা ফটো।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল চৌকত্‍ আলীয়ে আৰক্ষীৰ পোছাকৰ সৈতে ধৰ্মীয় টুপী পৰিধান কৰা ফটো।

  • Share this:
আৰক্ষীৰ পোচাকৰ লগত ধৰ্মীয় টুপী পৰিধান কৰি চাকৰি হেৰুৱালে অসম আৰক্ষীৰ উপ পৰিদৰ্শক চৌকত্‍ আলীয়ে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল চৌকত্‍ আলীয়ে আৰক্ষীৰ পোছাকৰ সৈতে ধৰ্মীয় টুপী পৰিধান কৰা ফটো।

এই সন্দৰ্ভত এডিজিপি এছ এন সিঙে কয় যে, ‘আৰক্ষী বিষয়াজনক এই ৰূপত ফটো আমিনগাঁৱত তোলা হৈছিল। আৰু নামাজৰ পিছত আৰক্ষী উপ পৰিদৰ্শক চৌকত্‍ আলীয়ে টুপী খুলিবলৈ পাহৰি গৈছিল। কিন্তু বিষয়াজন সত্‍ আছিল। বৰ্তমান দিছপুৰৰ Message Coordination Centreত কৰ্মৰত আছিল চৌকত্‍ আলী।’ আলীয়ে ইউনিফৰ্ম কোড ভংগ কৰাৰ বাবে নিলম্বিত হ’বলগীয়া হ’ল।

উল্লেখযোগ্য যে, এই ঘটনাই এতিয়া ছচিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বেও উত্তৰ প্ৰদেশৰ এজন আৰক্ষীৰ উপ-পৰিদৰ্শকে দাড়ি ৰখাৰ বাবে হেৰুৱাইছিল চাকৰি।

শেহতীয়া বাতৰি