• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম–মেঘালয় সীমান্তত ৰক্তাক্ত পৰিস্থিতিৰ পিছত মেঘালয়লৈ যোৱা বাহনক বাধা কাছাৰ আৰক্ষীৰ

অসম–মেঘালয় সীমান্তত ৰক্তাক্ত পৰিস্থিতিৰ পিছত মেঘালয়লৈ যোৱা বাহনক বাধা কাছাৰ আৰক্ষীৰ

কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই দিঘৰখালত উপস্থিত হৈ মেঘালয়লৈ ভ্ৰমণ নকৰাৰ পৰামৰ্শ প্ৰদান কৰিছে৷

  • Share this:
অসম-মেঘালয়ৰ জিৰিকিংডেং সীমান্তত সংঘটিত হিসাংত্মক ঘটনাৰ পাছত মেঘালয়লৈ যোৱা বাহনক বাধা কাছাৰ আৰক্ষীৰ৷ অসমীয়াসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰি মেঘালয় ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ আৰক্ষীৰ৷ মেঘালয়-বৰাকৰ সীমান্তৰ কাছাৰৰ দিঘৰখালত মেঘালয় অভিমুখী সকলো বাহন ঘূৰাই পঠিয়াইছে আৰক্ষীয়ে৷

কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই দিঘৰখালত উপস্থিত হৈ মেঘালয়লৈ ভ্ৰমণ নকৰাৰ পৰামৰ্শ প্ৰদান কৰিছে৷ মেঘালয় অভিমুখী সকলো বাহন দিঘৰখালৰ পৰা ঘূৰাই পঠিয়াইছে আৰক্ষীয়ে৷

ইপিনে, আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ ফলত অসুবিধাত পৰিছে গুৱাহাটীসহ আন স্থানলৈ যাবলগীয়া যাত্ৰীসকল। মেঘালয়ত প্ৰৱেশত বাধা দিয়াৰ ফলত গুৱাহাটীসহ বহিঃৰাজ্যৰ সৈতে বৰাকৰ পথ যোগাযোগ স্তব্ধ হৈ পৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি