‘দুৰ্নীতিত জড়িত এজনকো ৰেহাই দিয়া নহ’ব’, ১৫ নৱেম্বৰৰ ভিতৰত হ’ব SIৰ পৰীক্ষাঃ মুখ্যমন্ত্ৰী

ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা কেলেংকাৰীৰ সন্দৰ্ভত পুনৰ এবাৰ মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা কেলেংকাৰীৰ সন্দৰ্ভত পুনৰ এবাৰ মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- News18 Assam
- Last Updated: September 28, 2020, 7:31 PM IST
ইফালে অহা ১৫ নৱেম্বৰৰ ভিতৰত ৰাজ্যৰ পুনৰ অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা। ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে অসম আৰক্ষীক।
সোমবাৰে ধুবুৰীলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আগৰ কোনো চৰকাৰে আমাৰ দৰে, ঘটনা সংঘটিত হোৱাৰ লগে লগে তদন্ত ঘোষণা কৰাৰ সাহস গোটাব পৰা নাছিল। দুৰ্নীতিক কেতিয়াও সহ্য কৰা নহ’ব। যিসকলে এই কাম কৰিলে, সকলোকে কঠোৰ শাস্তি দিয়া হ’ব। মেধাৰ ভিত্তিত নিযুক্তি পাব অসমৰ শিক্ষিত নিবনুৱাই।’