உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লেডী সিংঘম! হ’বলগীয়া প্ৰৱঞ্চক স্বামীক ৰঙাঘৰৰ ভাত খুৱালে SI জোনমণিয়ে, খোল খালে ভণ্ড প্ৰেমিকৰ মুখা!

    লেডী সিংঘম! হ’বলগীয়া প্ৰৱঞ্চক স্বামীক ৰঙাঘৰৰ ভাত খুৱালে SI জোনমণিয়ে, খোল খালে ভণ্ড প্ৰেমিকৰ মুখা!

    মিছা কথা কৈ সম্পৰ্কত সোমোৱা প্ৰৱঞ্চক প্ৰেমিকক জোনমণিয়ে খুৱালে ৰঙাঘৰৰ ভাত।

    মিছা কথা কৈ সম্পৰ্কত সোমোৱা প্ৰৱঞ্চক প্ৰেমিকক জোনমণিয়ে খুৱালে ৰঙাঘৰৰ ভাত।

    মিছা কথা কৈ সম্পৰ্কত সোমোৱা প্ৰৱঞ্চক প্ৰেমিকক জোনমণিয়ে খুৱালে ৰঙাঘৰৰ ভাত।

    • Share this:
    জোনমণি ৰাভা। অসম আৰক্ষীৰ এগৰাকী উপ–পৰিদৰ্শক। বহুতৰে হয়তো মনত আছে SI জোনমণি ৰাভাক। কিছুদিন পূৰ্বে এগৰাকী বিধায়কক উভতি ধৰাৰ এক অডিঅ’ ক্লিপক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল জোনমণি। বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাক উভতি ধৰাৰ সেই অডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। তাৰ পিছতে বিভিন্নজনে প্ৰশংসাৰে ওপচাই পেলাইছিল জোনমণিৰ ৰাভাক। একাংশই আখ্যা দিছিল ‘লেডী সিংঘম’ হিচাপে।

    বিহপুৰীয়াৰ পৰা মাজুলীলৈ ধূনাগুৰি ঘাট আৰু চেনীমৰা ঘাটেৰে নিষেধাজ্ঞা সত্ত্বেও এটা ইঞ্জিনৰ নাও চলাচল কৰি আছিল। একাংশ লেচীয়ে নীতি–নিয়ম উলংঘা কৰি চলাই আছিল মাজুলীৰ নাও দুৰ্ঘটনাৰ পিছতে নিষিদ্ধ কৰা এটা ইঞ্জিনযুক্ত নাও। নাৱত নাছিল পৰ্যাপ্ত লাইফ জেকেট। আৰু আৰক্ষী বিষয়াগৰাকীয়ে সাহসেৰে সোৱনশিৰি নদীৰ বুকুত খেদি খেদি আটক কৰিছিল একাংশ লেচীক লগতে জব্দ কৰিছিল নাওসমূহ। তাৰ পিছতে জোনমণিলৈ আহিছিল বিধায়ক অমিয় ভূঞাৰ ফোন। সেই মানুহখিনিক হাৰাশাস্তি নকৰিবলৈ সকীয়াই দিছিল বিধায়কগৰাকীয়ে।

    বিধায়ক অমিয় ভূঞাক SI জোনমণিয়ে কৈছিল, 'আপুনি চৰকাৰক কি উত্তৰ দিব? বিধায়ক হৈ এনেকৈ কথা কৈছে যে? আপোনালোকেই নিয়ম নিৰ্ধাৰণ কৰি আমাক ভংগ কৰিবলৈ দিলে কেনেকৈ হ'ব? মিচ বিহেভ নকৰিব। মোৰ এছ পিৰ সৈতে আপুনি কথা পাতক।' এই ঘটনাই ৰাজ্যত যথেষ্ট চৰ্চা লাভ কৰিছিল।

    এইগৰাকী উপ–পৰিদৰ্শক জোনমণি ৰাভা পুনৰ চৰ্চালৈ আহিছে। অন্যায়–অনিয়মৰ বিৰুদ্ধে সাহসেৰে মাত মতা জোনমণি এইবাৰ চৰ্চালৈ আহিছে নিজৰ হ’বলগীয়া প্ৰৱঞ্চক স্বামীক গ্ৰেপ্তাৰ কৰি।

    ৰাণা প’গাগ নামৰ এজন যুৱকৰ সৈতে এবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল জোনমণিৰ। ৰাণাই নিজকে অ’এনজিচিৰ চাকৰিয়াল বুলি পৰিচয় দিছিল। জোণমণি ৰাভা মাজুলী জিলাত কৰ্মৰত হৈ থকা সময়তে ৰাণাই নিজকে ভাৰতীয় তেল আৰু গেছ আয়োগৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে পৰিচয় দি আঙঠিও পিন্ধাইছিল। কিন্তু ৰাণা অ’এনজিচিৰ বিষয়া নাছিল, আছিল এটা হাই প্ৰফাইল প্ৰৱঞ্চক।

    বহু লোকৰ পৰা চাকৰি দিয়াৰ নামত ধন সৰকাইছিল ৰাণা প’গাগে। হ’বলগীয়া স্বামীৰ এই কথা জানিব পাৰি সহ্য কৰিব পৰা নাছিল জোনমণিয়ে। সোমবাৰে সোমবাৰে ৰাণা প’গাগক আবদ্ধ কৰি নগাঁও আৰক্ষীক গতাই দিয়ে জোনমণি ৰাভাই। জোনমণি ৰাভাৰ এজাহাৰৰ ভিত্তিত ৰাণাক গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে জিম্মাত লৈছে আৰক্ষীয়ে। ৰাণা প'গাগৰ পৰা আৰক্ষীয়ে অ'এনজিচিৰ বহু নকল ছীল-মোহৰ জব্দ কৰিছে।

    এই ঘটনাৰ পিছতে পুনৰ চৰ্চাত জোনমণি ৰাভা। বিধায়কৰ ধমকেও টলাব নোৱাৰা সাহসী জোনমণিয়ে ৰেহাই নিদিলে নিজৰ হ’বলগীয়া স্বামীকো। মিছা কথা কৈ সম্পৰ্কত সোমোৱা প্ৰৱঞ্চক প্ৰেমিকক জোনমণিয়ে খুৱালে ৰঙাঘৰৰ ভাত।
    Published by:Sanjay Kumar Das
    First published: