৪০ লাখ টকাত বিক্ৰী হৈছিল SI পৰীক্ষাৰ প্ৰশ্নকাকত! কেনেকৈ লিক হৈছিল প্ৰশ্ন কাকত? পোহৰলৈ বহু চাঞ্চল্যকৰ তথ্য

News18 Assam | News18-Assam
Updated:October 16, 2020, 2:33 PM IST
৪০ লাখ টকাত বিক্ৰী হৈছিল SI পৰীক্ষাৰ প্ৰশ্নকাকত! কেনেকৈ লিক হৈছিল প্ৰশ্ন কাকত? পোহৰলৈ বহু চাঞ্চল্যকৰ তথ্য
ৰাজ্য কঁপোৱা অসম আৰক্ষী উপ পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ আহিছে

ৰাজ্য কঁপোৱা অসম আৰক্ষী উপ পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ আহিছে

  • Share this:
ৰাজ্য কঁপোৱা অসম আৰক্ষী উপ পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ আহিছে। ৪০ লাখ টকাত বিক্ৰী হৈছিল পৰীক্ষাৰ প্ৰশ্নকাকত। ৪০ লাখৰ বিনিময়ত এছ পি কুমাৰ সঞ্জিত কৃষ্ণই প্ৰশ্নকাকতৰ চুক্তি কৰিছিল ৰুবুলৰ সৈতে ৷ কৰিমগঞ্জৰ SPৰ বাংলোতে ৰুবুল হাজৰিকাৰ পৰা ৪০ লাখ লৈছিল সঞ্জীত কৃষ্ণই ৷

বৰ্তমান চি আই ডিৰ জেৰাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। জানিব পৰা মতে, গুৱাহাটীৰ পৰা প্ৰশ্নকাকত কঢ়িয়াই নিয়া ৰিজাৰ্ভৰ বিষয়াক ফোন কৰিছিল সঞ্জিতৰ দেহৰক্ষীয়ে ৷ সঞ্জিতৰ দেহৰক্ষীয়ে ফোনযোগে প্ৰশ্নৰ টোপোলালৈ যাবলৈ দিছিল SPৰ বাংলোলৈ ৷

নিশা ১০:৩০ বজাত SPৰ বাংলোত গুৱাহাটীৰ পৰা গৈ পাইছিল প্ৰশ্নৰ টোপোলা ৷ সেই সময়ত অক্ষয় চান্দ বৈদ্যৰ গাড়ীৰে গৈ বাংলোত উপস্থিত হৈছিল ৰুবুল হাজৰিকা ৷ ১৮ ছেপ্তেম্বৰত প্ৰশ্নকাকতৰ চুক্তি সম্পন্ন হৈছিল SPৰ বাংলোত ৷ সেইদিনা নিশা কৰিমগঞ্জৰ পলিচ গেষ্ট হাউচত আছিল ৰুবুল আৰু ড্ৰাইভাৰ।কৰিমগঞ্জৰ দুটা কেন্দ্ৰত অনুষ্ঠিত হৈছিল SI নিযুক্তিৰ পৰীক্ষা।

উল্লেখযোগ্য যে, ধনৰ বাবে দুটা ফৈদৰ মাজত বিবাদৰ সৃষ্টি হয়। আৰু তেতিয়াই এটা ফৈদে লিক কৰে প্ৰশ্নকাকত। উল্লেখযোগ্য যে, বিভিন্ন পৰীক্ষাৰ পূৰ্বে একাংশ দালাল চক্ৰ সক্ৰিয় হৈ পৰে আৰু আমোলা-বিষয়াক ধনৰ বিনিময়ত মেনেজ কৰি শিক্ষিত নিবনুৱাৰ মূৰত ৰাম টাঙোন শোধায়।
Published by: Himangshu Bhuyan
First published: October 16, 2020, 2:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading