• Home
  • »
  • News
  • »
  • assam
  • »
  • আৰক্ষীৰ SI নিযুক্তি কেলেংকাৰীঃ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ দুজনক

আৰক্ষীৰ SI নিযুক্তি কেলেংকাৰীঃ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ দুজনক

কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ দিন ধৰি দুয়ো পলাতক অৱস্থাত আছিল।

কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ দিন ধৰি দুয়ো পলাতক অৱস্থাত আছিল।

কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ দিন ধৰি দুয়ো পলাতক অৱস্থাত আছিল।

  • Share this:
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ কেলেংকাৰীত জড়িত থকাৰ সন্দেহত শুকুৰবাৰে ডিব্ৰুগড়ত দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। জীৱন ফুকন নগৰৰ পৰা গ্ৰেপ্তাৰ হয় প্ৰিয় নাথ গগৈ ওৰফে জিণ্টু গগৈ। বৰপথাৰৰ দিলীপ গগৈ ওৰফে ভাই নামৰ এজনকো গ্ৰেপ্তাৰ। কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ দিন ধৰি দুয়ো পলাতক অৱস্থাত আছিল।

গ্ৰেপ্তাৰ হোৱা দুয়োজন অভিযুক্ত অৱসৰপ্ৰাপ্ত কলংকিত IG পি কে দত্তৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।  ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰি দুয়োজন লোককে CIDৰ দলে গুৱাহাটীলৈ লৈ আনিছে।

উল্লেখ্য যে, উপ পৰিদৰ্শক পৰীক্ষাৰ পূৰ্বে ৩১ আগষ্টৰ পৰা ৫ ছেপ্তেম্বৰলৈকে পি কে দত্তই বাহৰ পাতিছিল ডিব্ৰুগড়ত। ইয়াৰ পাছতেই ডিব্ৰুগড়ৰ পি কে দত্তৰ শহুৰেকৰ বাসগৃহ লগতে আন আন আত্মীয়ৰ ঘৰ লগতে বিভিন্ন ঠাইত চলাইছিল আৰক্ষীৰ অভিযান।

আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীত ডিব্ৰুগড়ৰ দুজনক গ্ৰেপ্তাৰ কৰাৰ পাছতেই উজনি অসমত বিশেষকৈ ডিব্ৰুগড়তো যে, পি কে দত্তৰ এক বিশাল নেটৱৰ্ক আছে সেয়া প্ৰমাণ হৈছে।
Published by:Himangshu Bhuyan
First published: