অসম আৰক্ষীৰ SI কেলেংকাৰীৰ নতুন মোৰ! আটক কৰিলে শীৰ্ষ কংগ্ৰেছ নেতাক

News18 Assam | News18-Assam
Updated:October 5, 2020, 11:33 AM IST
অসম আৰক্ষীৰ SI কেলেংকাৰীৰ নতুন মোৰ! আটক কৰিলে শীৰ্ষ কংগ্ৰেছ নেতাক
ক্ৰমাত্‍ ৰহস্যৰ আৱৰ্তত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰী।

ক্ৰমাত্‍ ৰহস্যৰ আৱৰ্তত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰী।

  • Share this:
ক্ৰমাত্‍ ৰহস্যৰ আৱৰ্তত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰী। এইবাৰ জালত পৰিছে কংগ্ৰেছ নেতা। নলবাৰী আৰক্ষীয়ে দেওবাৰে নিশা ২ বজাত বৰপেটা ৰোডৰ পৰা আটক কৰিলে শীৰ্ষ কংগ্ৰেছ নেতাক।

ভবানীপুৰ কংগ্ৰেছৰ নেতা তথা আৰ টি আই চেলৰ সম্পাদক আটাব আলীক বৰপেটা ৰোডৰ নিজ ঘৰৰ পৰা আটক কৰে আৰক্ষীয়ে l তালাচীত কংগ্ৰেছ নেতাগৰাকীৰ ঘৰত পোৱা গৈছে এখন এছ আই পৰীক্ষাৰ এডমিট কাৰ্ড।

দেওবাৰে নিশা ১০ বজাৰ পৰা বজালীৰ ভবানীপুৰৰ ঢুপালপাৰা, ৰৌমাৰী, মাজগাওঁ আদি স্থানত নলবাৰী আৰক্ষীয়ে চলাইছিল তালাচী। আৰু বিশেষ তথ্যৰ ভিত্তিত নিশা ২ বজাত কংগ্ৰেছ নেতাজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইফালে কেইবাগৰাকীও কংগ্ৰেছ নেতা জালত পৰাৰ সম্ভাৱনা আছে। সম্প্ৰতি আটাব আলীক জেৰাৰ বাবে নলবাৰীলৈ লৈ গৈছে আৰক্ষীয়ে।
Published by: Himangshu Bhuyan
First published: October 5, 2020, 10:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি