ৰাজ্য কঁপোৱা SI কেলেংকাৰীত জড়িত নেকি বিজেপি বিধায়ক বিমল বৰা? কি ক’লে বিধায়কগৰাকীয়ে?

ৰাজ্য কঁপোৱা আৰক্ষী উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ সৈতে সাঙোেৰ খাইছে বিজেপিৰ টিংখং সমষ্টিৰ বিধায়ক বিমল বৰাৰ নাম।
ৰাজ্য কঁপোৱা আৰক্ষী উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ সৈতে সাঙোেৰ খাইছে বিজেপিৰ টিংখং সমষ্টিৰ বিধায়ক বিমল বৰাৰ নাম।
- News18 Assam
- Last Updated: September 30, 2020, 4:29 PM IST
কোৰোণাত আক্ৰান্ত হৈ চিকিত্সাধীন হৈ থকা বিধায়কগৰাকীক বুধবাৰে চিকিত্সালয়ৰ পৰা ৰিলিজ দিয়া হয়।আৰু হাস্পতালৰ পৰা ওলাই আহিয়েই বিধায়কগৰাকীয়ে আৰক্ষী উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত মন্তব্য কৰে। প্ৰশ্ন কাকত ফাদিলত কোনো কাৰণতে বিধায়কগৰাকী জড়িত নহয় বুলি উল্লেখ কৰে।
বিধায়কগৰাকীয়ে কোৱা মতে, নিবনুৱাৰ স্বাৰ্থত তেওঁ সমষ্টিত কোৰ্চিং চেণ্টাৰ খুলিছিল।বিধায়কহিচাপে পূৰ্বেও যিকোনো চাকৰিৰ ক্ষেত্ৰত প্ৰশিক্ষণ শিবিৰ খুলি শিক্ষিত নিবনুৱাক শিক্ষাদানৰ চেষ্টা চলাই আহিছে বুলি জানিবলৈ দিয়ে। ইফালে মুখ্যমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত চি আই ডিৰ তদন্ত দিয়াত সন্তোষ প্ৰকাশ কৰে বিধায়কজনে।