অসম আৰক্ষীৰ SI নিযুক্তিৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ২২ নৱেম্বৰত, এইবাৰ থাকিব এইসমূহ নিয়ম

অৱশেষত পুনৰ ধাৰ্য কৰা হ’ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষাৰ দিন।
অৱশেষত পুনৰ ধাৰ্য কৰা হ’ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষাৰ দিন।
- News18 Assam
- Last Updated: November 11, 2020, 6:57 PM IST
পিছে এইবাৰ পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। সেইদৰে তিনি ঘণ্টাৰ পৰিৱৰ্তে দুঘণ্টীয়া হ’ব পৰীক্ষা। সকলো পৰীক্ষাৰ্থীয়েই আঢ়ৈ ঘণ্টাৰ পূৰ্বেই নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বগৈ লাগিব।
মুঠ পদৰ সংখ্যা ৫৯৭টা। তাৰে ভিতৰত ১৭৯ টা পদ মহিলাৰ বাবে সংৰক্ষিত। উল্লেখযোগ্য যে, ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হৈছিল আৰক্ষী উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষা। কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰশ্ন কাকত ফাদিল হোৱাত বাতিল কৰা হৈছিল পৰীক্ষা।