‘বেড নিউজ, প্ৰশ্ন কাকত ফাদিল হ’ল, বাতিল কৰা হৈছে পৰীক্ষা’- আশাহত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা হাজাৰ হাজাৰ নিবনুৱা

পৰীক্ষা শীঘ্ৰে অনুষ্ঠিত কৰাৰ আশ্বাস
পৰীক্ষা শীঘ্ৰে অনুষ্ঠিত কৰাৰ আশ্বাস
- News18 Assam
- Last Updated: September 20, 2020, 8:49 PM IST
প্ৰতিটো পৰীক্ষা কেন্দ্ৰত পৰীক্ষা চলি থকাৰ মাজতে ঘোষণা কৰা হ’ল, ‘ বেয়া খবৰ এটা আছে। তোমালোকৰ পৰীক্ষা আকৌ হ’ব। প্ৰশ্ন কাকত ফাদিল হৈছে। যিমান লিখিলা, লিখিলা আৰু। বহী জমা দিব পৰা। একো নহয়, কিবা এটাটো অভিজ্ঞতা হ’ল।’
দীৰ্ঘদিন ধৰি অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ বাবে বহুতে চলাই আছিল প্ৰস্তুতি। বহুতে আনকি শাৰীৰিক পৰীক্ষাৰ বাবেও কৰি আছিল দিন-ৰাতি একাকাৰ। কিন্তু এনেধৰণৰ দায়িত্বহীনতাই এতিয়া বাৰুকৈয়ে বিমোৰত পেলাইছে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাক। কিয় ৰাজ্য চৰকাৰে এটা পৰীক্ষাও ভাল দৰে পাতিব নোৱাৰে বুলিও বহুতে কৰিছে প্ৰশ্ন।